Assam By Poll Results 2024 : আজি ভাগ্য নিৰ্ণয় হ'ব ৰাজ্যৰ ৩৪ প্ৰাৰ্থীৰ



 আৰম্ভ হ’ল ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা৷ আজিৰ এই ভোট গণনাত ফলাফল ওলাব মুঠ ৩৪ গৰাকীৰ ভাগ্য৷ কিয়নো এই উপ-নিৰ্বাচনত ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ইয়াৰ মাজৰে পৰা দিছপুৰলৈ জয়ী হৈ যাব মাত্ৰ পাঁচ গৰাকী প্ৰাৰ্থী৷

এই হিচাপত বঙাইগাঁৱ সমষ্টিৰ ভোটগণনা হৈছে বঙাইগাঁৱ সদৰত৷ এইবাৰ বঙাইগাঁৱত ভোটদানৰ হাৰ আছিল ৭৭.৮৯%৷ বঙাইগাঁৱত মূল যুঁজ AGP প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী আৰু কংগ্ৰেছৰ ব্ৰজেনজিৎ সিনহাৰ মাজতে হোৱাতো নিশ্চিত৷


চিদলী সমষ্টিৰ ভোটগণনা হৈছে কাজলগাঁৱত৷ এইবাৰ উপ-নিৰ্বাচনত চিদলীত ভোটদানৰ হাৰ আছিল ৭৫.৪৭%৷ চিদলীত মূল ভোট যুদ্ধ হ’ব UPPLৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰক্ষ্ম আৰু BPFৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীৰ মাজত৷

বিহালী সমষ্টিৰ ভোট গগণা হৈছে বিশ্বনাথত৷ বিহালীত ভোটদানৰ হাৰ আছিল ৭৫.৭৯%৷ বিহালীত মূল ভোট যুদ্ধ হ’ব BJPৰ দিগন্ত ঘাটোৱাল আৰু কংগ্ৰেছৰ জয়ন্ত বৰাৰ মাজত৷ এই দুয়োজনৰ মাজৰ পৰাই দিছপুৰলৈ যাব এজন৷

ইপিনে চামগুৰিৰ ভোটগণনা হৈছে নগাঁৱ সদৰত৷ এইবাৰৰ উপ-নিৰ্বাচনত চামগুৰিত ভোটদানৰ হাৰ আছিল ৭৯.৫৫%। এইবাৰ পাঁচ সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় ভোট যুঁজ হৈছে এইটো চামগুৰি সমষ্টিতে৷ এই চামগুৰিত মূল ভোট যুঁজ হ’ব BJPৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মাজত৷

একেদৰে ধলাই সমষ্টিৰ ভোটগণনা হৈছে শিলচৰত৷ এইবাৰ ধলাই সমষ্টিৰ উপ-নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭০.৩১%৷ ধলাই সমষ্টিটো মূল ভোট যুদ্ধ হ’ব প্ৰাৰ্থী BJPৰ নীহাৰ ৰঞ্জন দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থৰ মাজত৷

Post a Comment

Previous Post Next Post