পথৰ কুকুৰৰ আতংকত যোৰহাটৰ ৰাজপথলৈ ওলাবলৈ ভয় জনসাধাৰণৰ!


 

যোৰহাট চহৰৰ ৰাজপথত সন্ত্ৰাস চলাইছে এজাক হিংস্ৰ কুকুৰে। কুকুৰৰ আক্ৰমণত মৃত্যুক আকোঁৱালি ল’ব লগা হৈছে এজন লোকে। ৰাজপথেৰে যাওতে কুকুৰৰ বাবে চৰম নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে জনসাধাৰণে। পথৰ কুকুৰৰ আক্ৰমণত এজন লোকে মৃত্যুক আকোঁৱালি ল’ব লগা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যোৰহাটত। যোৰহাট চহৰৰ এ টি ৰোডৰ বৰপুলৰ পৰা কিছু নিলগত গোহাঁইটেকেলা গাঁৱৰ গুৰুকুল বিদ্যালয়ৰ সমীপত সোমবাৰে নিশা এজাক কুকুৰে আক্ৰমণ কৰিছিল ইছলামউদ্দিন লস্কৰ নামৰ লোকজনক। ৰাজমিস্ত্ৰীৰ কাম কৰা লোকজন নিশা পলমকৈ ভাড়াঘৰলৈ উভতি অহাৰ সময়তে পথৰ ওপৰতে এজাক কুকুৰৰ আক্ৰমণৰ বলি হয়। কুকুৰৰ জাকটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ নিশা পথৰ কাষতে পৰি থাকে ব্যক্তিজন। মঙলবাৰে পুৱা ৰাইজে ইছলামউদ্দিনক প্ৰত্যক্ষ কৰি JMCHত চিকিৎসাৰ বাবে ভৰ্তি কৰিছিল। কিন্তু কুকুৰৰ আক্ৰমণত সমগ্ৰ শৰীৰতে গুৰুতৰ আঘাত পাইছিল লোকজনে আৰু মঙলবাৰে নিশালৈ মৃত্যু ঘটে শিলচৰৰ ইছলামউদ্দিন লস্কৰৰ।

উল্লেখ্য যে গোহাঁইটেকেলা গাঁৱৰ গুৰুকুল স্কুলৰ সমীপৰ কেইবাটাও বাইলেনকে ধৰি যোৰহাট নগৰৰ কেইবাটাও স্থানত পথৰ কুকুৰে ৰাজপথত সন্ত্ৰাস চলাই আহিছে। পথেৰে যোৱা মানুহ দেখিলেই আক্ৰমণ কৰিবলৈ খেদি অহা এই কুকুৰবোৰৰ বাবে শিশুসকলৰ সুৰক্ষাক লৈ অতিকৈ চিন্তিত হৈ পৰিছে জনসাধাৰণ। আনহাতে, কুকুৰে উপদ্ৰৱ চলাই অহা অঞ্চলসমূহত বহু লোকৰ পোহনীয়া হাঁহ-কুকুৰা আৰু ছাগলী কুকুৰৰ আক্ৰমণত নিহত হৈছে বুলি ভুক্তভোগী লোকসকলে জানিবলৈ দিছে । বৰ্তমান নিশাৰ ভাগত পথলৈ ওলাবলৈ ভয় কৰিছে স্থানীয় লোকসকলে । আনহাতে দিনৰ সময়টো শিশুসকলক পথত যাবলৈ দিয়োতে কুকুৰৰ আক্ৰমণৰ শংকাত ভুগিছে অভিভাৱকসকল । অঞ্চলটোত কুকুৰৰ ভয়াৱহ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ পিছত জনসাধাৰণ অধিক আতংকিত হৈ পৰিছে।


দ্ৰুতগতিত কুকুৰৰ বংশবৃদ্ধি হৈ ৰাজপথত আতঙ্কময় পৰিস্থিতিৰ সৃষ্টি কৰি অহাৰ পিছত এতিয়া এই কুকুৰবোৰ কোনে নিয়ন্ত্ৰণ কৰিব তাক লৈ ৰাইজ বিবুধিত পৰিছে। শীঘ্ৰে এই ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক কুকুৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ যোৰহাট পৌৰসভা আৰু জিলা প্ৰশাসনক ৰাইজে অনুৰোধ জনাইছে । আনহাতে, এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত যোৰহাটৰ জিলা আয়ুক্তই বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু যোৰহাট পৌৰসভাকে ধৰি সংশ্লিষ্ট বিভাগৰ দ্বাৰা শীঘ্ৰে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিছে।

Post a Comment

Previous Post Next Post