Assam By Poll Results 2024 : আজি অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা


 

আজি অসমৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা। এই উপ-নিৰ্বাচনত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ইয়াৰ মাজৰে পৰা দিছপুৰলৈ জয়ী হৈ আহিব মাত্ৰ পাঁচ গৰাকী প্ৰাৰ্থী৷ কোন যাব ৫ সমষ্টিৰ পৰা দিছপুৰলৈ? পাঁচ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা মুঠ ৩৪ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব আজি৷ চামগুৰি, ছিদলী, বঙাইগাঁও, বিহালী আৰু ধলাই সমষ্টি কোন জয়ী হ’ব তালৈ দৃষ্টি নিবদ্ধ আছে সমগ্ৰ অসমবাসীৰ।


এইবাৰ বঙাইগাঁৱত ভোটদানৰ হাৰ আছিল ৭৭.৮৯%৷ বঙাইগাঁৱত মূল যুঁজ AGP প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী আৰু কংগ্ৰেছৰ ব্ৰজেনজিৎ সিনহাৰ মাজতে হোৱাতো নিশ্চিত৷ ছিদলী সমষ্টিৰ ভোটগণনা হ’ব কাজলগাঁৱত৷ এইবাৰ উপ-নিৰ্বাচনত চিদলীত ভোটদানৰ হাৰ আছিল ৭৫.৪৭%৷ ছিদলীত মূল ভোট যুদ্ধ হ’ব UPPLৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু BPFৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীৰ মাজত৷

বিহালী সমষ্টিৰ ভোট গগণা হ’ব বিশ্বনাথত৷ বিহালীত ভোটদানৰ হাৰ আছিল ৭৫.৭৯%৷ বিহালীত মূল ভোট যুদ্ধ হ’ব BJPৰ দিগন্ত ঘাটোৱাল আৰু কংগ্ৰেছৰ জয়ন্ত বৰাৰ মাজত৷ এই দুয়োজনৰ মাজৰ পৰাই দিছপুৰলৈ যাব এজন৷ইপিনে চামগুৰিৰ ভোটগণনা হ’ব নগাঁৱ সদৰত৷ এইবাৰৰ উপ-নিৰ্বাচনত চামগুৰিত ভোটদানৰ হাৰ আছিল ৭৯.৫৫%। এইবাৰ পাঁচ সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় ভোট যুঁজ হৈছে এইটো চামগুৰি সমষ্টিতে৷ এই চামগুৰিত মূল ভোট যুঁজ হ’ব BJPৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মাজত৷একেদৰে ধলাই সমষ্টিৰ ভোটগণনা হ’ব শিলচৰত৷ এইবাৰ ধলাই সমষ্টিৰ উপ-নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭০.৩১%৷ ধলাই সমষ্টিটো মূল ভোট যুদ্ধ হ’ব BJPৰ নীহাৰ ৰঞ্জন দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থৰ মাজত৷

Post a Comment

Previous Post Next Post