ৰূপহীহাটৰ গড়াজানত চাঞ্চল্যকৰ ঘটনা, একেটা পৰিয়ালৰে ৪জনৰ প্ৰাণহানি দুৰ্বৃত্তৰ



ৰূপহীহাটৰ গড়াজানত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। একেটা পৰিয়ালৰে ৪জনক নৃশংসভাৱে হত্যা কৰে দুৰ্বৃত্তই। ৰূপহীহাটৰ গড়াজানত এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। এটা পৰিয়ালৰে চাৰিজনক নৃশংসভাৱে হত্যা।

চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰিলে দুৰ্বৃত্তই। হত্যাকাণ্ডৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই। হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰে দুৰ্বৃত্তই। ঘৰত সোমাই ডিঙি কাটি হত্যা চাৰিওজনক। এই লোমহৰ্ষক ঘটনাই এতিয়া ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সাক্ষী সৰকাৰ, সুৰধনী সৰকাৰ, সনুধৰ সৰকাৰ আৰু সুৰধৰ চৰকাৰক হত্যা কৰা হৈছে। দুদিনৰ পাছত ঘৰখনত আছিল বিবাহ অনুষ্ঠান। এই ঘটনাক ডকাইতি বুলি সন্দেহ কৰা হৈছে।

Post a Comment

Previous Post Next Post