ৰাসৰ অনুষ্ঠান কৰিবলৈ গৈ অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন অভিনেত্ৰী। হোটেলৰ কোঠাত দুৰ্বৃত্তৰ প্ৰৱেশৰ চেষ্টা। নগাঁও বাইপাছৰ চানযুক্তি হোটেলত ভয়ংকৰ ঘটনা। ফেচবুক লাইভযোগে সমগ্ৰ ঘটনা বৰ্ণনা কৰিলে অভিনেত্ৰী অমৃতা গগৈয়ে
নগাঁৱত ৰাসৰ অনুষ্ঠান কৰিবলৈ গৈ অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হয় অভিনেত্ৰী অমৃতা গগৈ।
২২ নৱেম্বৰত নগাঁও বাইপাছত থকা চানযুক্তি নামৰ হোটেলৰ ৩০৪ নম্বৰৰ অমৃতা গগৈ থকা কোঠাত নিশা অচিনাক্ত লোকৰ প্ৰৱেশৰ চেষ্টা। মুখত কাপোৰ বান্ধি দুৱাৰ খোলাৰ চেষ্টা কৰিছিল এজন যুৱকে। হোটেলৰ মালিকক ঘটনাৰ বিষয়ে অগৱত কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে অভিনেত্ৰী গৰাকীয়ে।
কি হৈছিল সিদিনা?
পুৱা প্ৰায় ৫ বজাত কিবা এটা শব্দ শুনি হঠাৎ টোপনিৰ পৰা সাৰ পালে অমৃতা গগৈৰ বান্ধৱীগৰাকীয়ে। দেখে তেওঁলোকৰ ৰুমৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে। একে জাঁপে উঠি গৈ দুৱাৰখন খুলিব নোৱাৰাকৈ ঠেলি ধৰিলে অমৃতা গগৈয়ে। দুয়োগৰাকীয়ে লক্ষ্য কৰিলে যে দুৱাৰখনৰ লকটো বাহিৰৰ পৰা কোনোবাই ঘূৰাই আছে। দুৱাৰখন হেঁচি ধৰি অভিনেত্ৰী অমৃতা গগৈয়ে আইহ’ল টোৰে বাহিৰলৈ চাওতে দেখে যে মুখত কাপোৰ বন্ধা এজন যুৱকে বাহিৰৰ পৰা দৰ্জাখন খুলিবলৈ চেষ্টা কৰিছে।
লগে-লগে অভিনেত্ৰী অমৃতা গগৈয়ে বান্ধৱীগৰাকী হোটেলৰ মালিকলৈ ফোন কৰিবলৈ ক’লে। কিয়নো ৰুমটো লোৱাৰ দিনা অভিনেত্ৰীগৰাকীক সাক্ষাৎ কৰিবলৈ আহিছিল হোটেলৰ মালিক। শ্বেয়াৰ কৰিছিল মোবাইল নম্বৰ। ৫:২৪ বজাত, ৫:২৬ বজাত আৰু ৫:২৭ বজাত তিনিবাৰ হোটেলৰ মালিকলৈ ফোন কৰা হ’ল। কিন্তু ফোন ৰিছিভ নকৰিলে হোটেলৰ মালিকে। লগে লগে ফোন কৰিলে ৰাস কমিটীৰ সম্পাদকলৈ। ফোনতে জনোৱা হ’ল সমগ্ৰ ঘটনা। উপায়ন্তৰ হৈ হোটেলৰ কোঠাৰ ভিতৰতে চিঞৰিবলৈ ধৰিলে দুয়োগৰাকী অভিনেত্ৰীয়ে। লগ লগে আঁতৰি গ’ল যুৱকজন। কিন্তু কিছুসময় পিছতে দেখে যে সেই একেজনেই যুৱক মুখত কাপোৰ নমৰাকৈ আহি কোঠাৰ সন্মুখেৰে অহা যোৱা কৰি থাকিল।
.jpg)