অহা বুধবাৰে আছিল ডাঙৰ জীয়ৰীৰ বিয়া, শিক্ষয়িত্ৰী জীয়ৰীৰ বিয়াৰ চাৰিদিন পূৰ্বে দুৰ্বৃত্তই শেষ কৰিলে এটা পৰিয়াল


 

ৰূপহীহাটৰ গড়াজানত লোমহৰ্ষক ঘটনা সংঘটিত হৈছে। একেটা পৰিয়ালৰে ৪ জনৰ প্ৰাণহানি কৰে কৰে দুৰ্বৃত্তই। হত্যা কৰি পলায়ন কৰে দুৰ্বৃত্তই। সুৰাধনী সৰকাৰ, সাক্ষী সৰকাৰক, সুৰধৰ সৰকাৰ আৰু ঘনুধৰ সৰকাৰক নৃশংসভাৱে প্ৰাণহানি কৰে দু্ৰ্বৃত্তৰ দলে। ঘৰত সোমাই ডিঙি কাটি প্ৰাণহানি কৰা হয় লোককেইজনৰ। লাওখোৱাৰ গড়াজানত সংঘটিত হৈছে এই ঘটনা। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল। বৰ্তমানেও জানিব পৰা হোৱা নাই ঘটনাৰ কাৰণ।

উল্লেখযোগ্য যে, দুদিনৰ পাছত বিয়া আছিল ঘৰখনত। বিয়াৰ পূৰ্বে ঘৰখনত ডকাইতিৰ সন্দেহ কৰা হৈছে। মৃত্যু হোৱা ৪ জনৰ ২ জন পুৰুষ আৰু ২ গৰাকী মহিলা। ডিঙি ৰেপি নিৰ্মমভাৱে প্ৰাণহানি কৰা হয় ৪গৰাকী লোকক। মজিয়াত তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি ৰৈছে মৃতদেহ।

অহা বুধবাৰে বিয়া আছিল নৱস্মৃতা সৰকাৰৰ। নৱস্মৃতা সৰকাৰ পেছাত এগৰাকী শিক্ষয়িত্ৰী। পৰিয়ালটোৰ মৃত সদস্যকেইজন ক্ৰমে ঘনুধৰ সৰকাৰ, সৰোজনী সৰকাৰ (মাতৃ), জয়াস্মৃতা সৰকাৰ (জী), যুৱকজন চিনাক্ত হোৱা নাই। বিয়াৰ বজাৰ কৰিবলৈ ওলাই গৈছিল নৱস্মৃতা। পৰিয়ালটোৰ পিতৃ জলজীৱন আঁচনিৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী, আৰম্ভ কৰিছে জোৰদাৰ তদন্ত।

Post a Comment

Previous Post Next Post