প্ৰধানমন্ত্ৰী মোদীৰ তিনিখন বিদেশ ভ্ৰমণ, ৩১গৰাকী ৰাষ্ট্ৰনেতাক সাক্ষাৎ কৰি অংশ ল’লে দ্বিপাক্ষিক বৈঠকত



 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ৰ পৰা ২১ নৱেম্বৰৰ ভিতৰত ১৯সংখ্যক জি-২০ সন্মিলনত অংশ ল’বৰ বাবে নাইজেৰিয়া, ব্ৰাজিলক আৰু গায়ানা ভ্ৰমণৰ সময়ছোৱাত বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলৰ সৈতে ৩১খন দ্বিপাক্ষিক বৈঠক আৰু অনানুষ্ঠানিক বাৰ্তালাপত অংশগ্ৰহণ কৰে। তেওঁ নাইজেৰিয়াত এখন দ্বিপাক্ষিক বৈঠক, ব্ৰাজিলত জি-২০ সন্মিলনৰ সময়ত ১০খন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰে। তাৰ পাছত গায়ানা ভ্ৰমণৰ সময়ত, তেওঁ ৯খন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰে বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰকাশিত বিবৃতিত প্ৰকাশ পাইছে।


নাইজেৰিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰাজিল, ইণ্ডোনেছিয়া, পৰ্তুগাল, ইটালী, নৰৱে’, ফ্ৰান্স, ইউকে, চিলি, আৰ্জেণ্টিনা আৰু অষ্ট্ৰেলিয়াৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ব্ৰাজিলত অনুষ্ঠিত ১০খন দ্বিপাক্ষিক বৈঠকৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীৰ ৫জন নেতাৰ সৈতে এইখন প্ৰথম বৈঠক আছিল, য’ত উপস্থিত আছিল ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়েন্টো, লুইচ মণ্টেনিগ্ৰো, পৰ্তুগালৰ প্ৰধানমন্ত্ৰী, ইউ কেৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ, চিলিৰ ৰাষ্ট্ৰপতি গেব্ৰিয়েল বৰিক আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়েৰ মিলি।ব্ৰাজিলত প্ৰধানমন্ত্ৰীগৰাকীয়ে ছিংগাপুৰ, দক্ষিণ কোৰিয়া, ইজিপ্ত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু স্পেইনৰ নেতাসকলৰ সৈতে আৰু ইউৰোপীয় ইউনিয়নৰ উৰসুলা ভন ডেৰ লেয়েনৰ দৰে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ মুৰব্বী আৰু কাৰ্যবাহীসকলৰ সৈতে অনানুষ্ঠানিক বাৰ্তালাপ আৰু বৈঠকত মিলিত হয়। গায়ানাত প্ৰধানমন্ত্ৰী মোদীয়ে গায়ানা, ডমিনিকা, বাহামা, ত্ৰিনিদাদ আৰু টোবাগো, চুৰিনাম, বাৰ্বাডোছ, এণ্টিগুয়া আৰু বাৰ্বুডা, গ্ৰেনাডা আৰু ছেইণ্ট লুচিয়াৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে।

Post a Comment

Previous Post Next Post