Tanzil Hussain: চামগুৰি বিধানসভা সমষ্টিৰ বাবে অহা ২৪ অক্টোবৰত মনোনয়ন পত্ৰ দাখিল কৰিব তানজিল হুছেইনে


 

চামগুৰি বিধানসভা সমষ্টিত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে লাভ কৰিছে কংগ্ৰেছৰ টিকট। প্ৰাৰ্থীত্ব পোৱাৰ বাবে দলৰ নেতৃত্বক আৰু প্ৰতিজন নেতা কৰ্মীক ধন্যবাদ জনাইছে NSUIৰ ৰাষ্ট্ৰীয় সম্পাদক তানজিল হুছেইনে। তানজিল হুছেইনে অহা ২৪ অক্টোবৰত মনোনোয়ন পত্ৰ দাখিল কৰিব, তেওঁৰ মনোনোয়ন পত্ৰ দাখিলৰ সময়ত তত্বাৱধায়ক জীতেন্দ্ৰ সিং আৰু NSUIৰ ৰাষ্ট্ৰীয় সভাপতি বৰুণ চৌধুৰীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ আৰু বহু কেইজন বিধায়ক উপস্থিত থাকিব। চামগুৰি সমষ্টিৰ উন্নয়নৰ লক্ষ্যয়ে তেওঁৰ প্ৰধান প্ৰতিদ্বন্দ্বিতা বুলি কয়। চামগুৰি সমষ্টিটোক নিজৰ ঘৰ বুলি কয় তানজিল হুছেইনে। “বিজেপিয়ে দেখুওৱা ভয় ভাবুকি সমষ্টিৰ পৰা আঁতৰাম” বুলি কয় যুৱ প্ৰাৰ্থীগৰাকীয়ে। ইফালে AIUDFয়ে প্ৰতিটো নিৰ্বাচনতে প্ৰাৰ্থী দিয়ে আৰু আমানতৰ ধন বাজেয়াপ্ত হয় বুলি কয় তানজিল হুছেইনে।

Post a Comment

Previous Post Next Post