BRICS Summit 2024: BRICS সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী


 

BRICS Summit 2024: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ১৬ সংখ্যক BRICS সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আজি দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ ৰাওনা হৈছে। অল ইণ্ডিয়া ৰেডিঅ’ই প্ৰকাশ কৰা এটা ভিডিঅ’ত এইবিষয়ে বিশদভাৱে জানিব পৰা গৈছে। দক্ষিণ এছিয়াত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে। এই সন্মিলনৰ প্ৰথম দিনাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনকো সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। কিন্তু, সকলোৰে দৃষ্টি মোদী-জিনপিঙৰ বৈঠকত নিবদ্ধ। কাৰণ এই সন্মিলনৰ পূৰ্বে ভাৰত আৰু চীনৰ মাজত এল এ চিত গালৱানত পেট্ৰলিং দিয়াৰ সন্দৰ্ভত চুক্তি স্বাক্ষৰিত হৈছে। ২০২০ চনৰ গালৱান সংঘৰ্ষৰ পিছত প্ৰথমবাৰৰ বাবে দুয়োখন দেশে পেট্ৰ’লিং দিয়াৰ কথাত সন্মতি প্ৰকাশ কৰিছে।


ৰাছিয়াৰ কাজান চহৰত ১৬ সংখ্যক BRICS সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণৰ সময়ত ভাৰত আৰু চীনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হ’ব। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙকো সাক্ষাৎ কৰিব নেকি প্ৰধানমন্ত্ৰী মোদীয়ে? উল্লেখযোগ্য যে এল এ চিত পেট্ৰ’লিং দিয়াৰ সন্দৰ্ভত ভাৰত আৰু চীনৰ মাজত হোৱা চুক্তিৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাৎ কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। BRICS সন্মিলনত অংশগ্ৰহণ কৰাৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকৰো আয়োজন কৰিব।

  • ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ আৰু ইয়াৰ গুৰুত্বপূৰ্ণ এজেণ্ডা সন্দৰ্ভত তথ্য ভাগ-বতৰা কৰিছে বৈদেশিক বিভাগে।

  • বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে ভাৰতে বিশ্বৰ বহুমেৰুত্ব আৰু ব্ৰিকছত বিশ্বজনীন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ কথা ক’ব।

  • চীনৰ ছি জিনপিং, তুৰ্কিয়েৰ ৰেচেপ টাইপ এৰদোগান আৰু ইৰাণৰ মাছুদ পেজেছকিয়ানকে ধৰি বহু বিশ্ব নেতাক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে মোদীয়ে। ব্ৰিকছৰ একাংশ নেতাৰ সৈতেও তেওঁ দ্বিপাক্ষিক আলোচনা কৰিব পাৰে।

  • প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ইউক্ৰেইন যুদ্ধৰ বিষয়েও আলোচনা কৰিব পাৰে।

  • এই সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব পাৰে। অৱশ্যে এতিয়ালৈকে কোনো আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই।

  • জুলাই মাহত প্ৰধানমন্ত্ৰী মোদীৰ শেষ ভ্ৰমণৰ সময়ত সিদ্ধান্ত লোৱা ২০৩০ চনৰ ভিতৰত ৰাছিয়াৰ সৈতে ১০০ বিলিয়ন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষ্য ভাৰতৰ। এই বিষয়েও আলোচনাৰ আশা আছে।

Post a Comment

Previous Post Next Post