Assam By-Polls: কংগ্ৰেছে চূড়ান্ত কৰিলে চাৰিজনীয়া প্ৰাৰ্থী তালিকা



 ‘অসম সন্মিলিত মৰ্চা’ সাজু ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে। বিহালী সমষ্টি চিপিআই (এম এল) দলক এৰি দিয়াৰ বিপৰীতে আন চাৰিটা সমষ্টিত কংগ্ৰেছে চূড়ান্ত কৰিলে প্ৰাৰ্থীৰ নাম। ১৩ নবেম্বৰত অসমৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন। মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ। মনোনয়নৰ বাবে মাজত মাত্ৰ ৫দিন বাকী। এই সময়ত অসমৰ শাসক-বিৰোধী NDA আৰু ‘অসম’এ সাজু কৰিছে প্ৰাৰ্থীতালিকা।


বঙাইগাঁও সমষ্টিত ব্ৰজেনজিৎ সিনহা বা গিৰীশ বৰুৱা, যিয়েই দলীয় টিকট পালেও তাত এইবাৰ বিৰোধীৰ বিজয় নিশ্চিত বুলি মন্তব্য কংগ্ৰেছৰ সেৱা দলৰ মুৰব্বী দীপ বায়নৰ। উল্লেখযোগ্য যে দীপ বায়নে বিগত লোকসভা নিৰ্বাচনত বৰপেটাত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বঙাইগাঁও সমষ্টিত ৪০ হাজাৰতকৈ অধিক ভোট লাভ কৰিছিল।


২০২৬ চনৰ অসমৰ বিধানসভা নিৰ্বাচনৰ বাবেই বিৰোধী ঐক্য অটুত থকাটো বিচাৰিছে ‘অসম’ৰ অংশীদাৰী দলসমূহে। সেইবাবে বিহালী সমষ্টি চিপিআই (এম এল) দলক এৰি দিয়াৰ সিদ্ধান্ত লৈছে ‘অসম সন্মিলিত মৰ্চা’ই গঠন কৰি দিয়া পাঁচজনীয়া কমিটীয়ে। এই কথা NEWS18ক সদৰী কৰে প্ৰাক্তন সাংসদ বলীন কুলিয়ে। দেওবাৰে কংগ্ৰেছে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব চাৰিটা বিধানসভা সমষ্টিৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম। ইফালে চিপিআই (এম এল)ৰ প্ৰাৰ্থী হিচাপে নাম চূড়ান্ত হৈ আছে বিবেক দাসৰ।

দেশৰ প্ৰেক্ষাপটত INDI Alliance আৰু ৰাজ্যত ‘অসম’ নামেৰে পৰিচিত মঞ্চই ভাগে-ভাগে প্ৰস্তুত কৰিছে ৰণকৌশল। অসম সন্মিলিত মৰ্চাই বিহালী সমষ্টিটো চিপিআই (এম এল) দলক এৰি দিয়াৰ বিপৰীতে আন চাৰিটা সমষ্টিত কংগ্ৰেছে নিৰ্বাচন খেলাৰ পোষকতা কৰিছে। সেই উদ্দেশ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰস্তুত কৰিছে এখন চাৰিজনীয়া চূড়ান্ত তালিকা। তালিকাত নাম থকা সম্ভাৱ্য প্ৰাৰ্থীসকল এনেধৰণৰ- চামগুৰি সমষ্টিত তানজিল হুছেইন, ধলাই সমষ্টিত ধ্ৰুৱজ্যোতি পুৰকায়স্থ, ছিদলী সমষ্টিত সঞ্জীৱ ৱাৰী আৰু বঙাইগাঁও সমষ্টিত ব্ৰজেনজিৎ সিনহা অথবা গিৰীশ বৰুৱা।

Post a Comment

Previous Post Next Post