গুৱাহাটীৰ পানীখাইতীত ভয়ংকৰ পথ দুৰ্ঘটনা। পানীখাইতীৰ ডাউন টাউন বিশ্ববিদ্যালয়লৈ যোৱা পথত সংঘটিত হৈছে এই দুৰ্ঘটনা। পানী কঢ়িওৱা এখন ডি আই ভানে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিয়ে কেইবাখনো বাহন আৰু কেইবাজনো পথচাৰীক।
দুৰ্ঘটনাৰ ফলত এজন স্কুটী চালক থিতাতে নিহত হয় আৰু ডাউন টাউন বিশ্ববিদ্যালয়ৰ তিনিগৰাকীকৈ ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হয়। নিহত স্কুটী চালকজন মংগল গুপ্ত বুলি জানিব পৰা গৈছে।
ইপিনে, আহত ডাউন টাউন বিশ্ববিদ্যালয়ৰ দুজন ছাত্ৰ আৰু এগৰাকী ছাত্ৰীক ডাউন টাউন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
জানিব পৰা মতে, AS 01MC 8420 নম্বৰৰ পানী কঢ়িওৱা এখন ডি আই ভানে টেংকীত পানী বোজাই দি বিশ্ববিদ্যালয়খনৰ পথেৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই AS 01RC 9452 নম্বৰ সামগ্ৰী কঢ়িওৱা মেজিক এখনক খুন্দা মাৰে। ইয়াৰ পিছত AS 01DY 4186 নম্বৰৰ স্কুটীখনক খুন্দা মাৰে। যাৰ ফলত স্কুটীচালক মংগল গুপ্ত থিতাতে নিহত হয়।ইপিনে ডি আই ভানখনে ডাউন টাউন বিশ্ববিদ্যালয়ৰ তিনিজনকৈ ছাত্ৰ-ছাত্ৰীক খুন্দিওৱাৰ ফলত তেওঁলোক গুৰুতৰভাৱে আহত হয়। ইতিমধ্যেই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ডি আই ভানখন জব্দ কৰিছে।