অসমৰ পৰা অযোধ্যা আৰু দিল্লীলৈ অসমৰ দুই যুৱকৰ পদযাত্ৰা। যোৱা ২০ অক্টোবৰৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে অসমৰ ছাজন দলে আৰু দেৱেন টাইড নামৰ দুই যুৱকে। অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে অসমৰ এই দুই যুৱকে মন বান্ধিছিলে মন্দিৰটো দৰ্শনৰ বাবে। অযোধ্যালৈ যাবলৈ হাতত যিহেতু পৰ্যাপ্ত অৰ্থ নাই সেয়ে দুই যুৱকে খোজকাঢ়ি যোৱাৰ পৰিকল্পনা কৰিছিল। দুয়োৱে নিজৰ পৰিকল্পনা অনুসৰি দেওবাৰৰ পৰা আৰম্ভ কৰিলে নিজৰ ঐতিহাসিক যাত্ৰা। প্ৰায় ১২০০ কিলোমিটাৰ নিলগৰ অযোধ্যাৰ ৰাম মন্দিৰলৈ বুলি দুয়োৱে গুৱাহাটীৰ দিশপুৰৰ পৰা আৰম্ভ কৰিলে নিজৰ যাত্ৰা। ছাজন আৰু দেৱেনে দুমাহ পিছত অযোধ্যাত গৈ উপস্থিত হ’ব পাৰিব বুলি আশা কৰিছে। বহু কেইখন ৰাজ্যৰ মাজেৰে গুৱাহাটীৰ পৰা অযোধ্যালৈ যাওতে যিখিনি সময়ত তেওঁলোকে জিৰণি ল’ব তাৰ বাবে তেওঁলোকে মন্দিৰ বা স্থানীয় থানাৰ সহযোগ ল’ব। দুয়োগৰাকী যুৱকে খালী ভৰিৰে খোজকাঢ়ি অযোধ্যালৈ যাৱলৈ ওলোৱাত দুয়োখন ঘৰতে পৰিয়ালৰ লোক কান্দোনৰ ভাঙি পৰিছে।
Ayodhya Ram Mandir: অসমৰ পৰা অযোধ্যা আৰু দিল্লীলৈ অসমৰ দুই যুৱকৰ পদযাত্ৰা
byE News Assam Desk
•
0
