ঘৰৰ ভিতৰতে মাতৃৰ কংকালৰ সৈতে ৩টা মাহ পাৰ কৰা জয়দ্বীপ দে’ই কি কৰিছিল প্ৰতিদিনে?
ঘৰটোত প্ৰৱেশ কৰিলেই পাই এখন চোফা। লেতেৰা অপৰিস্কাৰ ঘৰখনত সকলো সামগ্ৰী য’ত-ত’ত সিঁচৰিত হৈ আছে। চোফাখনতে উদ্ধাৰ হৈছিল জয়দ্বীপৰ মাতৃৰ পূৰ্ণিমা দে’ৰ কংকাল। ঘৰখনৰ চৌহদ দেখিলেই প্ৰথমে মনলৈ আহিব হিন্দী ভূতৰ ছবি কথা। ঘৰটোত নাই বিদ্যুৎ সংযোগ। নাই খোৱা পানীৰ ব্যৱস্থা। মকৰা জালেৰে ভৰি পৰিছে প্ৰতিটো কোঠা। ঘৰটোৰ ভিতৰত ডাঙৰ ডাঙৰ এন্দুৰ। ঘৰটোৰ ভিতৰত পোক-পতংগ। নিশা হ’লেই ঘোপমৰা এন্ধাৰ। নাই বিদ্যুতৰ ব্যৱস্থা। সেইঘৰটোতে ৩ মাহ পূৰ্বে মৃত্যু হোৱা মাতৃৰ কংকালৰ সৈতে দিন অতিবাহিত কৰিছিল ৪০ বছৰীয়া পুত্ৰই।মাতৃৰ কংকালৰ সৈতে কেনেকৈ পাৰ কৰিছিল সময়?
দেওবাৰে কংকালটো উদ্ধাৰ হোৱাৰ সময়ত কংকালৰ কাষতে উদ্ধাৰ হৈছিল এখন শিৱৰ ফটো, কিছু পূজাৰ সামগ্ৰী। কংকালৰ কাষত উদ্ধাৰ হৈছিল ৰুটি। আৰক্ষীৰ জেৰাত পূৰ্ণিমা দে’ৰ মানসিকভাৱে অস্থিৰ পুত্ৰৰ কেতবোৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি। মাকৰ কংকালৰ সন্মুখত সদায়ে পূজা কৰিছিল জয়দ্বীপে। কাষত শিৱ ফটো ৰাখি ৪০ বাৰ ‘ঔম নমঃ শিৱায়’ বুলি যপ কৰিছিল জয়দ্বীপে। কংকাল হৈ পৰা মাতৃক খাবলৈ দিছিল ৰুটি।

অন্ধবিশ্বাসৰ গ্ৰাসত পৰিল নেকি জয়দ্বীপ?
জয়দ্বীপে মাক পুনৰ জী উঠিব বুলি প্ৰতিদিনে পূজা কৰিছিল। কংকালৰ সোঁফালে শিৱ ফটো ৰাখি মাতৃ জী উঠিব বুলি প্ৰতিদিনে ৰুটি দিছিল। মাতৃৰ কংকালৰ সৈতে কথাও পাতিছিল জয়দ্বীপ দে’ই। আৰক্ষীয়ে সন্দেহ কোনো তৃতীয় পক্ষৰ প্ৰৰোচনাত পৰিছিল নেকি মানসিকভাৱে অস্থিৰ জয়দ্বীপ। কাৰণ গুৱাহাটী মহানগৰীত ঘৰে-মাটিয়ে সেই সম্পত্তিৰ দাম হ’ব কেইবা কোটি টকা। সম্পত্তিৰ লালসাত মানসিকভাৱে অস্থিৰ পুত্ৰক কোনোবাই উচতাই বৃদ্ধাগৰাকীক হত্যা কৰালে নেকি? কিছুসময় পূৰ্বে জ্যোতিকুছিৰ ঘৰখনলৈ লৈ অনা হৈছিল পূৰ্ণিমা দে’ৰ ৪০ বছৰীয়া পুুত্ৰ জয়দ্বীপক। ঘৰটোৰ ভিতৰলৈ নি বহু দিশ তন্ন-তন্নকৈ পৰীক্ষা কৰিলে গড়চুক আৰক্ষীয়ে। কিন্তু কংকালৰ কাষত উদ্ধাৰ হোৱা শিৱ ফটো, ৰুটি আৰু পূজাৰ সামগ্ৰীয়ে ঘটনাক ঠেলি দিছে অধিক ৰহস্যৰ মাজলৈ।