Cyclone Dana : ভয়ংকৰ ৰূপত আহি আছে সাগৰীয় ঘূৰ্ণী ‘ডেনা’, স্কুল-কলেজ বন্ধ ঘোষণা


 

পশ্চিম বংগ আৰু ওড়িশাত সাগৰীয় ঘূৰ্ণি ডেনাই ল’ব পাৰে ভয়ংকৰ ৰূপ। ২৪ অক্টোবৰৰ নিশাৰে পৰা পশ্চিম বংগ আৰু ওড়িশাৰ উপকূলীয় অঞ্চল সাগৰীয় ঘূৰ্ণি ডেনাই কোবাই যাব। যাৰ বাবে ওড়িশা আৰু পশ্চিম বংগৰ কেইবাখনো জিলাত মুঠ ১৯৭খন ৰে’লৰ চলাচল বাতিল কৰাৰ লগতে বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ কৰা হৈছে। ২৫ অক্টোবৰৰ পুৱা ওড়িশাৰ পুৰী আৰু পশ্চিম বংগৰ সাগৰদ্বীপৰ সমীপৱৰ্তী  কোনো অংশৰে স্থলভাগত প্ৰৱেশ কৰিব এই ঘূৰ্ণাবতাহ। ঘূৰ্ণি বতাহ ডেনাৰ প্ৰভাৱ পৰিবলগীয়া ৰাজ্য দুখনৰ কেইবাখনো জিলাত সতৰ্কতা জাৰি কৰা হৈছে।


ইফালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ পৰা ওড়িশাৰ পুৰী ভ্ৰমণলৈ যোৱা পৰ্যটকসকলক ঘৰলৈ উভতি যাবলৈ আহ্বান জনাইছে। সাগৰীয় উপকূলৰ সমীপত থকা অঞ্চলসমূহৰ বহু লোকক সাগৰীয় ধুমুহা ডেনা অহাৰ পূৰ্বেই সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে দুয়োখন ৰাজ্যৰ প্ৰশাসনে। লগতে ভাৰতীয় উপকূলৰক্ষী বাহিনীক হাই এলাৰ্টৰ নিৰ্দেশ দিয়া হৈছে। এই ভয়াৱহ ঘূৰ্ণিৰ ধুমুহাই চুবুৰীয়া ৰাজ্য দুখনলৈ প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। পুৰী আৰু পশ্চিম বংগ উপকূলৰ পৰা সমগ্ৰ পূব উপকূলত ডেনা ঘূৰ্ণি ধুমুহাৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ (IMD)ৰ তথ্য অনুসৰি, ২৫ অক্টোবৰৰ পুৱাৰ ভাগত পুৰী আৰু সাগৰ দ্বীপৰ মাজৰ ওড়িশা-পশ্চিম বংগ উপকূল অতিক্ৰম কৰি ডেনাৰ গতিবেগ ঘণ্টাত ১০০ৰ পৰা ১১০ কিলোমিটাৰ হ’ব। ২৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ মাছমৰীয়াসকলক সমুদ্ৰলৈ নাযাবলৈ সতৰ্কবাণী জাৰি কৰিছে।

ওড়িশাৰ সাগৰীয় উপকূল অঞ্চলসমূহত থকা লোকসকলক উলিয়াই নিয়াৰ বাবে প্ৰায় ৮০০টা আশ্ৰয় শিবিৰ সাজু কৰিছে প্ৰশাসনে। লগতে খাদ্য, পানী, ঔষধ, বিদ্যুৎ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীও সাজু কৰা হৈছে। ৮০০টা ঘূৰ্ণীবতাহৰ আশ্ৰয় শিবিৰৰ উপৰিও বিদ্যালয়-মহাবিদ্যালয়কে ধৰি অতিৰিক্ত ৫০০টা অস্থায়ী আশ্ৰয় শিবিৰ সাজু কৰা হৈছে। ২৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ ওড়িশাৰ ১৪খন জিলাত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। ওড়িশাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী সুৰেশ পূজাৰীয়ে কয় যে মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে সাগৰীয় উপকূল অঞ্চলৰ পৰা ১০০ শতাংশ লোকক উলিয়াই অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। লগতে চৰকাৰে পষেকৰ ভিতৰত প্ৰসৱ হ’ব বুলি আশা কৰা গৰ্ভৱতী মহিলাৰ তালিকাও প্ৰস্তুত কৰিছে আৰু দুৰ্যোগৰ সময়ত যিকোনো অসুবিধাৰ পৰা হাত সাৰিবলৈ সকলোকে ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

পশ্চিম বংগ চৰকাৰো ডেনা ঘূৰ্ণিবতাহৰ সন্মুখীন হ’বলৈ সাজু হৈছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে ২৩ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ ৭খন জিলাত বিদ্যালয় বন্ধ থাকিব। বিদ্যালয়-মহাবিদ্যালয়সমূহত সাগৰীয় উপকূল অঞ্চলৰ লোকসকলক থকাৰ বাবে ব্যৱস্থা কৰা হৈছে। পশ্চিম বংগত এন ডি আৰ এফে যিকোনো পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাবলৈ এতিয়ালৈকে ১৩টা দল মোতায়েন কৰিছে।

ক’ষ্ট গাৰ্ডৰ কৰ্মীসকলে পশ্চিম বংগ আৰু ওড়িশাৰ স্থানীয় প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সৈতে ডেনা ঘূৰ্ণি বতাহক লৈ সৰ্তকতামূলক কাম কৰি আছে। আইচিজিয়ে পশ্চিম বংগৰ হালদিয়া আৰু ওড়িশাৰ পাৰাদীপত হেলিকপ্টাৰ আৰু দূৰৱৰ্তী অপাৰেটিং ষ্টেচন নিয়োগ কৰি মাছমৰীয়া আৰু নাৱিকসকলক নিয়মীয়াকৈ বতৰৰ সতৰ্কবাণী আৰু সুৰক্ষাৰ পৰামৰ্শ প্ৰদান কৰিছে। ওড়িশাত NDRF দলসমূহে ইতিমধ্যে সম্ভাৱ্য ক্ষতিগ্ৰস্ত জিলাসমূহলৈ স্থানান্তৰিত হৈছে। ইয়াৰ উপৰি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থকা ১০খন জিলাত ১৭টা ওড়িশা দুৰ্যোগ দ্ৰুত কাৰ্য্য বাহিনী (ODRAF))ৰ দল নিয়োগ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। ওড়িশাত অগ্নিনিৰ্বাপক বাহিনীৰ সেৱা ১৪খন জিলালৈ স্থানান্তৰিত হ’ব, যিখন জিলাত ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা বেছি তাত বেছিকৈ নিয়োগ কৰা হ’ব অগ্নিনিৰ্বাপক বাহিনীৰ দল। ইতিমধ্যে ভুৱনেশ্বৰ মুখ্য কাৰ্যালয়ত মক ড্ৰিলৰ আয়োজন কৰা হয়।

Post a Comment

Previous Post Next Post