গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে ডেংগিৰ প্ৰাদুৰ্ভাৱ। ইজনৰ পিছত সিজন লোক আক্ৰান্ত হৈছে ডেংগিত। যাক লৈ এতিয়া শংকিত হৈ পৰিছে মহানগৰবাসী। মঙলবাৰে পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ডেংগিত এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকীৰ ঘৰ গুৱাহাটীৰ ভাস্কৰনগৰত। বিগত কেইবাধিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী।
উল্লেখ্যযে বিগত সপ্তাহৰ শনিবাৰেও ডেংগিত আক্ৰান্ত হৈ ভাস্কৰনগৰৰ সুনিতা বসুমতাৰী নামৰ মহিলাগৰাকীৰ মৃত্যু হৈছিল। দীৰ্ঘদিন ধৰি গুৱাহাটীৰ ভাস্কৰনগৰ অঞ্চলত বৃদ্ধি পাইছে ডেংগিৰ প্ৰাদুৰ্ভাৱ। ভাস্কৰ নগৰৰ একেটা পৰিয়ালৰে ৫জন সদস্য আক্ৰান্ত হৈছে ডেংগিত। কিন্তু ইমানৰ পিছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। বৰ্তমানো GMCHত চিকিৎসাধীন হৈ আছে ডেংগীত আক্ৰান্ত কেইবাজনো লোক।
ডেংগিৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ ৪টা অঞ্চলক ৰেড জ’ন ঘোষণা কৰিছে গুৱাহাটী জিলা প্ৰশাসনে। গুৱাহাটীৰ ভাস্কৰ নগৰ, কাৰ্বি পথ, জু-ৰোডৰ অম্বিকাগিৰি নগৰ আৰু বামুণীমৈদাম ৰে’লৱে কলনীক ৰেড জ’ন ঘোষণা কৰিছে জিলা প্ৰশাসনে।
উল্লেখ্যযে ভাস্কৰ নগৰ, হাতীগড় চাৰিআলি, গীতানগৰ, কাৰ্বি পথ আদিত নিতৌ ইজনৰ পিছত আনজন ডেংগি ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি, বিগত এটা মাহত বৃহত্তৰ ভাস্কৰ নগৰ অঞ্চলত ৩০জনৰো অধিক লোক ডেংগিত আক্রান্ত হৈছে। ডেংগিৰ হটস্পটত পৰিণত হৈছে গুৱাহাটীৰ ভাস্কৰ নগৰ। ডেংগিৰ আতংকৰ মাজতে স্বাস্থ্য বিভাগে ডেংগিক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি, ডেংগিৰ পৰা হাত সাৰিবলৈ কি কি উপায় অৱলম্বন কৰিব পাৰি সেই বিষয়ে ৰাইজক সজাগ কৰিবলৈ মাইকযোগে ঘোষণা কৰিছে। সমান্তৰালকৈ অঞ্চলটোত ফ’গিঙৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে।
গুৱাহাটীৰ আৰ জি বৰুৱা পথৰ জু-ৰোড তিনিআলিৰ সমীপৰে ভাস্কৰ নগৰলৈ প্ৰৱেশ কৰা স্থানতে থকা বৃহৎ নলাটোৰ অপৰিস্কাৰ ৰূপ। টায়াৰ, ভগা বটল, প্লাষ্টিকৰ পেকেটেৰে ভৰি আছে নলাটো। নলাটো পৰিস্কাৰ নকৰাৰ বাবে গুৱহাটী পৌৰ নিগমৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ। বৰ্তমানো GMCHত চিকিৎসাধীন হৈ আছে ডেংগিত আক্ৰান্ত কেইবাজনো লোক। দিনক দিনে গুৱাহাটীত ডেংগিৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত আতংকিত হৈ পৰিছে মহানগৰবাসী।