নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ, মুকলি হ’ল ‘জ্ঞান নি ফুংখা’


 

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অনন্য পৰিৱৰ্তনৰ অংগীকাৰেৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুকলি কৰিলে এটা বিশেষ ম’বাইল এপ। অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এই এপটোৰ নাম ‘জ্ঞান্ নী ফুংখা’ অৰ্থাৎ অসমীয়াত জ্ঞানৰ নিজৰা। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এই এপটো এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ তথা পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়নৰত নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে।


মঙলবাৰে ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দাৰাম দৈমাৰী মেম’ৰিয়েল ট্ৰাষ্ট’ৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ‘জ্ঞান্ নী ফুংখা’ (অসমীয়াত জ্ঞানৰ নিজৰা) শীৰ্ষক ম’বাইল এপটো মুকলি কৰে। এই এপটোৰ মুকলি অনুষ্ঠানত ডিমাকুচি, টংলা, খৈৰাবাৰী আৰু ভেৰগাঁও অঞ্চলৰ ৫৬ খন বিদ্যালয়ৰ পাঁচ সহস্রাধিক শিক্ষাৰ্থী , অভিভাৱক আৰু শিক্ষকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ওদালগুৰিৰ জিলাৰ আয়ুক্ত পুলক পাটগিৰি, ডায়েচ ইণ্ডিয়া এডুটেকৰ কাৰ্যবাহী সঞ্চালক ৰাজীৱ বৰুৱা, ওদালগুৰি জিলাৰ বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে বড়ো সাহিত্য সভা,ওদালগুৰি সাহিত্য সভা আৰু বড়ো ছাত্ৰ সন্থাৰ স্থানীয় সদস্যসকল অতিথি হিচাপে উপস্থিত থাকে। এই এপটোৰে নৱম আৰু দশম শ্ৰেনীৰ শিক্ষাৰ্থীসকল সফল হ’ব বুলি আশা কৰা হৈছে।ম’বাইলত উপলব্ধ ‘জ্ঞান্ নী ফুংখা’ নামৰ এপটোত নৱম আৰু দশম শ্ৰেণীৰ বিজ্ঞান আৰু অংক বিষয়ত উপলব্ধ। ইয়াৰ লগতে নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ এই এপটোৰ জৰিয়তে লাভ কৰিব। বড়ো আৰু অসমীয়া মাধ্যমত উপলব্ধ এই ম’বাইল এপটো পানেৰী সমষ্টি বৰ্তমান টলাং আৰু ভেৰগাঁও সমষ্টিৰ শিক্ষাৰ্থীসকলক এই এপটোত সামৰি লোৱা হৈছে। কেৱল নৱম দশম শ্ৰেণীৰ বাবেই নহয় APSC-UPSC, তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা পৰীক্ষাৰ্থীসকলেও এই এপটোৰ জৰিয়তে কাৰেণ্ট এফেয়াৰ্ছ তথা দেশ বিদেশৰ শেহতীয়া সকলো খবৰ লাভ কৰিব পাৰিব। বড়ো মাধ্যমৰ শিক্ষাৰ্থীসকলৰ বাবে এই এপটো ৰাজ্যৰ সকলো ঠাইতে ব্যৱহাৰ কৰিব পাৰিব।

Post a Comment

Previous Post Next Post