Modi-Xi meeting : কাজানত মোদী-জিনপিঙৰ দ্বিপাক্ষিক বৈঠক সম্পন্ন


 

বুধবাৰে ব্ৰিকছ সন্মিলনৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বী জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। ৫ বছৰৰ পাছত মোদী-জিনপিঙৰ দ্বিপাক্ষিক বৈঠক সম্পন্ন হয়। ৪৫ মিনিট কথা পাতিলে দুই ৰাষ্ট্ৰনেতাই। ব্ৰিকছ সন্মিলনৰ মাজতে মোদী-জিনপিঙৰ এই বৈঠকখন অনুষ্ঠিত হয়।

জিনপিঙৰে বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক কেৱল আমাৰ জনসাধাৰণৰ বাবেই নহয়, বিশ্বশান্তি আৰু স্থিৰতাৰ বাবেও যথেষ্ট গুৰুত্বপূৰ্ণ। আমি সীমান্তৰ চুক্তিক আদৰণি জনাইছোঁ। সীমান্তত শান্তি বজাই ৰখাটো আমাৰ প্ৰাথমিকতা হ’ব লাগে।’


বৈঠকখনত অংশগ্ৰহণ কৰি চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে কয়, ‘মতভেদ দূৰ কৰিবলৈ আৰু উন্নয়নৰ বাবে দুয়োখন দেশে সহযোগিতা কৰা উচিত। দুয়োপক্ষই তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় দায়িত্ব পালন কৰাটো গুৰুত্বপূৰ্ণ।’ জিনপিঙক সাক্ষাৎ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে ‘এক্স’ৰ এটা পোষ্টত কয়, ‘কাজান ব্ৰিকছ সন্মিলনৰ সময়ত ৰাষ্ট্ৰপতি শ্বী জিনপিঙক সাক্ষাৎ কৰিছিলোঁ। ভাৰত-চীন সম্পৰ্ক দুয়োখন দেশৰ জনসাধাৰণৰ লগতে আঞ্চলিক আৰু গোলকীয় শান্তি আৰু স্থিৰতাৰ বাবে গুৰুত্বপূৰ্ণ। পাৰস্পৰিক বিশ্বাস, পাৰস্পৰিক সন্মান আৰু পাৰস্পৰিক সংবেদনশীলতাই দ্বিপাক্ষিক সম্পৰ্কক পথ প্ৰদৰ্শন কৰিব।’ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ে মোদী-জিনপিং বৈঠকৰ বিষয়ে তথ্য প্ৰদান কৰি কয় যে বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে মতভেদবোৰ সঠিকভাৱে সমাধান কৰাত গুৰুত্ব আৰোপ কৰে। বৈঠকত দুয়োখন দেশে সীমান্তত শান্তি আৰু স্থিৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োখন দেশৰ বিশেষ প্ৰতিনিধিসকলক শীঘ্ৰেই মিলিত হ’ব। বৈদেশিক মন্ত্ৰী পৰ্যায়ত আলোচনা কৰা হ’ব।

Post a Comment

Previous Post Next Post