Lurin Jyoti Gogoi: কংগ্ৰেছক সকীয়নি AJPৰ সভাপতি লুৰীণজ্যোতি গগৈৰ

 


বিহালীক লৈ বিবুধিত বিৰোধী। বিহালীৰ প্ৰাৰ্থিত্বক লৈ বিবুধিত পৰিছে বিৰোধী মৰ্চা অঃসঃমঃ। আজি অসম সন্মিলিত মৰ্চাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে ভূপেন বৰাই। বিহালী সমষ্টিৰ বাবে প্ৰাৰ্থী বাচনি কৰাৰ বাবে পাঁচজনীয়া কমিটী গঠন কৰা হৈছিল। পাঁচজনীয়া কমিটীৰ প্ৰতিবেদনৰ সিদ্ধান্ত মানি লোৱাৰ কথা কৈছিল AICCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। কিন্তু সন্মিলিত মৰ্চাৰ ৫জনীয়া সমিতিৰ সিদ্ধান্ত নৰজিল। ভূপেন বৰাৰ আহ্বানৰ পিছতো মানি নল’লে মৰ্চাই। তাৰ বিপৰীতে AICCৰ অনুমোদন বিচাৰিলে মৰ্চাই। প্ৰচণ্ড চাপত পৰি অ.স.ম.ৰ সভাপতি পদ ত্যাগ কৰে ভূপেন বৰাই। সন্মিলিত মঞ্চৰ সাধাৰণ সম্পাদকলৈ পদত্যাগ পত্ৰ প্ৰেৰণ ভূপেন বৰাৰ।


কংগ্ৰেছক সকিয়নী AJPৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। বিহালীৰ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছৰে অসম সন্মিলিত মৰ্চাৰ সংঘাতৰ পিছতে কংগ্ৰেছক সকিয়নী লুৰীণজ্যোতি গগৈ। সংবাদমেল পাতি কংগ্ৰেছ নেতৃত্বক উদ্দেশ্যি লুৰীণজ্যোতি গগৈয়ে ক’লে ‘আমাৰ ধৈৰ্য পৰীক্ষা নল’ব। আমাৰো স্বাভিমান আছে।’ হাৰিয়ানাৰ পৰা কংগ্ৰেছক শিক্ষা ল’বলৈ আহ্বান লুৰীণজ্যোতি গগৈৰ।লুৰীণজ্যোতি গগৈয়ে ক’লে ‘২০২৬ বিজেপিক পৰাজিত কৰিবলৈ বিৰোধী একত্ৰিত হ’বই লাগিব। আমি সঠিক লক্ষ্যৰে আগবাঢ়িছিলো। আমাৰ হাতত ঐক্যবদ্ধতাৰ বিকল্প নাই। 

অসম সন্মিলিত মৰ্চাৰ  লক্ষ্য আছিল ঐক্যবদ্ধ যুজঁ কৰা। কিন্তু শেষ মুহূৰ্তত কংগ্ৰেছে ৰাজনৈতিক পাকচক্ৰত ভৰি দিছে। বিৰোধীক বিভেদ কৰাৰ বাবে বিভিন্ন পৰিকল্পনা হাতত লৈছো। কংগ্ৰেছলৈ বহুবাৰ পত্ৰ দিয়াৰ পিছতো উত্তৰ অহা নাই। ৫ জনীয়া কমিটীয়ে গ্ৰহণ সিন্ধান্তৰে একমত নহ’ল কংগ্ৰেছ নেতৃত্ব। দ্বিতীয়বাৰলৈ প্ৰতিবেদন দিয়া হ’ব। তাৰ পিছতো আমি স্থিতিত অটল থকাৰ পিছতো উত্তৰ নাহিল। এতিয়াও আমি বিহালীৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই।’

Post a Comment

Previous Post Next Post