ৱায়নাড়ত অভিষেক ৰাজীৱ-ছোনিয়া তনয়াৰ। সংসদীয় ৰাজনীতিত প্ৰৱেশ গান্ধী পৰিয়ালৰ আন এগৰাকী সদস্যৰ। কেৰালাৰ ৱায়নাড় লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰিয়ংকা গান্ধীৰ মনোনয়ন দাখিল। বিশাল ৰেলীৰে শক্তি প্ৰদৰ্শন কৰি বুধবাৰে কংগ্ৰেছৰ দুৰ্গ ৱায়নাড়ত মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।
মনোনয়ন পৰ্বত প্ৰিয়ংকাক সংগ দিয়ে মাতৃ ছোনিয়া গান্ধী, জ্যেষ্ঠ ভাতৃ ৰাহুল গান্ধী, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি কেইবাজনো শীৰ্ষ কংগ্ৰেছ নেতাই। কালপেট্টাৰ পৰা ৱায়নাড়লৈ বিশাল সমদলেৰে প্ৰিয়ংকাই কৰে মনোনয়ন যাত্ৰা। সংসদীয় ৰাজনীতিত প্ৰিয়ংকাৰ অভিষেকৰ মুহূৰ্তত লোকাৰণ্য হৈ পৰিল ৱায়নাড়। মনোনয়নৰ পূৰ্বে বিশাল জনসভা সম্বোধন কৰি প্ৰিয়ংকাই সংসদীয় ৰাজনীতিৰ এই প্ৰথম খোজ জনতাৰ বাবেই উৎসগৃত হৈ ৰ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৱায়নাড়বাসীক।
কিয় ৱায়নাড়ত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিলে প্ৰিয়ংকা গান্ধীক?
বিগত লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী আৰু কেৰালাৰ ৱায়নাড় দুয়োটা সমষ্টিতে জয়লাভ কৰাৰ পাছত ৰাহুল গান্ধীয়ে গান্ধী পৰিয়ালৰ দুৰ্গস্বৰূপ ৰায়বৰেলী হাতত ৰাখি বায়নাড় সমষ্টিটো এৰি দিছিল। উল্লেখযোগ্য যে ২০১৯ৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ আমেথিত সংসদীয় সমষ্টিত পৰাস্ত হৈছিল ৰাহুল গান্ধী। সেইবাৰ মোদীৰ ছুনামিত দেশত কংগ্ৰেছৰ অৱস্থা বিধ্বস্ত হৈ পৰাৰ সময়তো কেৰালাৰ ৱায়নাড় সমষ্টিত জয়লাভ কৰিছিল ৰাহুল গান্ধীয়ে।সেয়ে কংগ্ৰেছৰ দুৰ্গস্বৰূপ ৱায়নাড়ক প্ৰিয়ংকাৰ নিৰ্বাচনী ৰাজনীতিত অভিষেকৰ বাবে নিৰ্বাচন কৰে মাতৃ ছোনিয়াই। ৱায়নাড় সমষ্টি ভগ্নীক এৰি দিয়াৰ প্ৰসংগত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মন্তব্য ‘ৱায়নাড়ৰবাসীয়ে মোৰ হৃদয়ত এক বিশেষ স্থান দখল কৰি আছে, সেয়ে মোৰ ভগ্নী প্ৰিয়ংকাতকৈ তেওঁলোকৰ বাবে মই ভাল প্ৰতিনিধি কল্পনা কৰিব নোৱাৰো। মই নিশ্চিত যে ৱায়নাড়ৰ পৰা জয়ী হৈ সংসদত এক শক্তিশালী কণ্ঠ হ’ব প্ৰিয়ংকা।’