উপ নিৰ্বাচনৰ কুচকাৱাজ চলি থকাৰ মাজতে বিৰোধী অসম সন্মিলিত মৰ্চাত ভাঙোন। বিহালী সমষ্টিক লৈ অসমত আৰম্ভ হৈছে বিভাজন। বিহালী প্ৰাথিৰ্ত্বক লৈ ভাঙোন আৰম্ভ গৈছে কংগ্ৰেছ নেতৃত্বাধীন অসম সন্মিলিত মৰ্চাত। কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মৰ্চাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ লগে লগে স্পষ্ট হৈ পৰিছে অসমত ভাঙোন। ইয়াৰ পূৰ্বে মৰ্চাৰ ৫ জনীয়া কমিটীয়ে CPI(ML)ক আসনখন এৰি দিয়াৰ পৰামৰ্শ দিছিল। কিন্তু কংগ্ৰেছ দলে বিহালী সমষ্টিৰ প্ৰাৰ্থী AICCয়ে চূড়ান্ত কৰিব বুলি স্পষ্ট কৰি দিছিল।
সেই অনুসৰি প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জিতেন্দ্ৰ সিঙে অখিল গগৈ, লুৰীণজ্যোতি গগৈ, অজিত কুমাৰ ভূঞাক ফোন কৰি বিবেক দাসৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু জিতেন্দ্ৰ সিঙৰ অনুৰোধত সৈমান নহ’ল সন্মিলিত মৰ্চাৰ সমিতি। বিপৰীতে চূড়ান্ত সিদ্ধান্ত দিবলৈ আজি পুৱা ১০ বজালৈ কংগ্ৰেছক সময় দিছিল ৫ জনীয়া কমিটীয়ে। কিন্তু আজি এই পৰ্যন্ত বিহালী সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ একমত হ’ব পৰা নাই অসম সন্মিলিত মৰ্চা।
বিহালী সমষ্টিৰ প্ৰাৰ্থিত্বকলৈ কংগ্ৰেছৰ ভিতৰ চৰাত অন্তঃকন্দল। গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মাজত সংঘাত স্পষ্ট হৈ পৰিছে বিহালীৰ প্ৰাৰ্থিত্বক লৈ। এফালে প্ৰাৰ্থীক লৈ অসম সন্মিলিত মৰ্চাত সংঘাত আনফালে কংগ্ৰেছ নেতৃত্বতো কন্দল তুংগত। বিহালীত গৌৰৱ গগৈয়ে প্ৰক্ষেপ কৰিছে বিজেপিৰ পৰা ওলাই অহা জয়ন্ত বৰাক।
আনহাতে মৰ্চাৰ ৫জনীয়া কমিটীৰ সিদ্ধান্ত অনুসৰি CPI(ML)ক এৰি দিব লাগে সমষ্টিটো। আনহাতে ভূপেন বৰাৰ মতে AICCএ সিদ্ধান্ত ল’ব কোন হ’ব বিহালীৰ প্ৰাৰ্থী। লক্ষণীয় যে, মৰ্চাৰ নীতি ওলাই কৰি গৌৰৱ গগৈয়ে নিজৰ ক্ষমতা প্ৰয়োগ কৰি জয়ন্ত বৰাক প্ৰক্ষেপ কৰিছে বিহালীৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে। ইয়াৰ পূৰ্বে মিত্ৰ দলৰ সৈতে আলোচনা মৰ্মে বিহালী সমষ্টি মিত্ৰ দলক এৰি দিবলৈ সন্মত হৈছিল ভূপেন বৰা।