কিলাৰ হাইৱে’ত বুধবাৰে থানবান হৈ গ’ল সকলো। পোহৰ উৎসৱৰ প্ৰাকক্ষণ মঙলদৈৰ বাসৱ নগৰৰ মথুৰা নাথ ডেকাৰ পৰিয়াললৈ নামি আহিল কাল অমানিশা। কিলাৰ হাইৱে’ত শেষ হৈ গ’ল এটি ভৱিষ্যৎ। বুধবাৰে মঙলদৈৰ শোকাৱহ পথত দুৰ্ঘটনাত থিতাতে নিহত হয় পিতৃ-কন্যা। ৰৈ থকা ট্ৰাকত খুন্দিওৱাৰ ফলত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। থিতাতে নিহত হয় পিতৃ মথুৰা নাথ ডেকা আৰু কন্যা নন্দিতা ডেকা।
সৰুৰে পৰা তীক্ষ্ণ মেধা সম্পন্ন আছিল নন্দিতা ডেকা। বহু আশা বুকুত বান্ধি কৃষ্ণচূড়া নগৰীলৈ উচ্চ শিক্ষাৰ বাবে আহিছিল মঙলদৈৰ মেধাৱী নন্দিতা ডেকা। গুৱাহাটী বিশ্ববিদ্যালয় ইংৰাজী বিষয়ৰ স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰী আছিল নন্দিতা ডেকা।
বুধবাৰে দীপাৱলীলৈ বন্ধৰ বাবে গুৱাহাটীৰ পৰা কন্যাক নিবলৈ মঙলদৈৰ পৰা আহিছিল পিতৃয়ে। পিতৃৰ সৈতে গুৱাহাটীৰ পৰা ঘৰলৈ বুলি বাট বুলিছিল দুয়ো। আশা আছিল পৰিয়ালৰ সৈতে উদযাপন কৰিব পোহৰৰ উৎসৱ দীপাৱলী। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। ঘৰৰ পাবলৈ মাত্ৰ ১৫ কিলোমিটাৰ বাকী থকাৰ পূৰ্বে মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আঁকোৱালি ল’লে পিতৃ-কন্যাই।
নন্দিতাক সকলোৱে মৰমতে মুনু বুলি মাতিছিল। সকলোৰে মৰম মুনুক হেৰুৱাই শোকত ভাগি পৰিছে অঞ্চলবাসী। চুবুৰীয়াৰ বিয়োগত মঙলদৈৰ বাসৱনগৰবাসীৰ দীপাৱলী আয়োজন নকৰাৰ সিদ্ধান্ত লৈছে।
দুৰ্ঘটনাত নিহত হোৱা মথুৰা নাথ ডেকা আছিল আৰক্ষীয়ে বিশেষ শাখাৰ অৱসৰপ্ৰাপ্ত বিষয়া। শোকাৱহ পথ দুৰ্ঘটনাত পৰিয়ালটোৰ দুগৰাকীকৈ সদস্যক হেৰুওৱা দিক-বিদিক হেৰুওৱাই পেলাই পৰিয়ালটোৱে। মুহূৰ্ততে নন্দিতা মাতৃ আৰু দুগৰাকী ভগ্নীৰ জীৱনলৈ নামি আহিছে কাল অমানিশা।
উল্লেখ্য যে মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বিগত কিছুদিন বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত হৈছে। আনফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ওলাই পৰিল মঙলদৈ আৰক্ষীৰ বৰ্বৰতা ভয়ংক ছবি। দুৰ্ঘটনাৰ পাছত ৰাজপথত পৰি থকা মৃতদেহ পলিথিনেৰে বান্ধি চোঁচৰাই নি উঠালে বাহনত। মৃতদেহক সামান্য সন্মান জনোৱাৰ শিষ্টাচাৰো নেদেখুৱালে আৰক্ষীয়ে। মঙলদৈ আৰক্ষীৰ গৰ্হিত কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া।