গুৱাহাটীত EDৰ মাৰাথন জেৰাৰ সন্মুখীন হ’ল দাক্ষিণাত্যৰ ব্লকবাষ্টাৰ ছবি ‘বাহুবলী’ৰ অৱন্তিকাখ্যাত তামান্না ভাটিয়া। মহাদেৱ বেটিং এপৰ গোচৰত বৃহস্পতিবাৰে গুৱাহাটীত EDয়ে ৭ ঘণ্টা জেৰা চলালে মোহময়ী অভিনেত্ৰীগৰাকীক। EDৰ চাৰিটা শাখাৰ শীৰ্ষ বিষয়াই জেৰা চলালে ‘বাহুবলী’ৰ অৱন্তিকাক। চাইবাৰ চেল, IT চেল আৰু অপৰাধা শাখাৰ বিষয়াই দিনৰ পৰা নিশালৈ চলোৱা জেৰাত বহু বিস্ফোৰক তথ্য দিছে অভিনেত্ৰীগৰাকীয়ে।
গুৱাহাটী EDৰ সহকাৰী সঞ্চালক ৰাম দীক্ষিতে চমন প্ৰেৰণ কৰিছিল অভিনেত্ৰী তামান্নাক। সেই চমনৰ ভিত্তিতে বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ডেৰ বজাত পিতৃ-মাতৃৰ সৈতে গুৱাহাটীত উপস্থিত হৈছিল দাক্ষিণাত্যৰ অভিনেত্ৰীগৰাকী। বৃহস্পতিবাৰে দুপৰীয়া ২ বজাৰ পৰা নিশা ৯ বজালৈ চলোৱা জেৰাৰ সময়ত ৮জন হাইপ্ৰফাইল ব্যক্তিৰ নাম লৈছে তামান্নাই। জেৰাৰ সময়ত তামান্না ভাটিয়াৰ ভাষ্য লিপিবদ্ধ কৰাৰ লগতে পুনৰ ৫ নৱেম্বৰত EDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে অভিনেত্ৰীগৰাকীক।
গুৱাহাটীত EDৰ মাৰাথন জেৰাৰ সন্মুখীন হোৱাৰ পিছতে দাক্ষিণাত্যৰ মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়াই দৰ্শন কৰিলে কামাখ্যা মন্দিৰ। পিতৃ-মাতৃৰ সৈতে নীলাচলত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে ছবিজগতৰ তাৰকাগৰাকীয়ে। মহাদেৱ বেটিং এপৰ গোচৰত গুৱাহাটীত দাক্ষিণাত্যৰ ছবিজগতৰ মোহময়ী অভিনেত্ৰীগৰাকীক মাৰাথন জেৰা চলাইছিল EDএ। বৃহস্পতিবাৰে গুৱাহাটীৰ EDৰ কাৰ্যালয়ত ৭ ঘণ্টা জেৰা চলোৱাৰ পিছত EDএ যাবলৈ দিয়ে অভিনেত্ৰী তামান্নাক।
মহাদেৱ বেটিং এপৰ গোচৰত EDৰ জেৰাৰ সন্মুখীন হৈ নিশা হোটেল ৰেডিছন ব্লুত কটাই পুৱাই কামাখ্যা দৰ্শন কৰিলে দাক্ষিণাত্যৰ ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। পূৰ্বেও কেইবাবাৰো ED-এ চমন দিছিল তামান্নাক। পূৰ্বে মুম্বাইত চাইবাৰ ক্ৰাইমৰ জেৰাৰ সন্মুখীন হৈছিল তামান্না ভাটিয়া। মহাদেৱ এপৰ ফেয়াৰপ্লে’ বেটিং এপৰ বিজ্ঞাপনত ভাগ লৈছিল তামান্না ভাটিয়াই। তামান্নাৰ নেতৃত্বত বলীউদ আৰু দাক্ষিণাত্যৰ ছবিজগতৰ বহু চেলেব্ৰিটীয়েও অংশ লৈছিল এপটোৰ বিজ্ঞাপনত। যাৰ বাবে মহাদেৱ বেটিং এপৰ গোচৰত সাঙোৰ খাইছে ছবিজগতৰ বহু তাৰকাৰ নাম।
মহাদেৱ বেটিং এপৰ গোচৰত ২০২৩ৰ অক্টোবৰ মাহত ED-এ চমন দিছিল ৰণবীৰ কাপুৰ, শ্ৰদ্ধা কাপুৰকো। এপটোৰ স্বত্বাধিকাৰী সৌৰভ চন্দ্ৰকাৰৰ দ্বাৰা আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবেও EDৰ জেৰাৰ সন্মুখীন হৈছিল কপিল শৰ্মাও। অনলাই গেম প্ৰচাৰৰ বাবে হুমা কুৰেশ্বী আৰু হিনা খানকো চমন দিছিল EDয়ে। একেটা গোচৰতে চলিত বৰ্ষৰ ২৪ এপ্ৰিলত ছত্তীশগড়ৰ পৰা মুম্বাই চাইবাৰ চেলৰ SITয়ে গ্ৰেপ্তাৰ কৰিছিল মডেল তথা অভিনেতা ছাহিল খানক।
এপটোত ক্ৰিপ্ট’কাৰেঞ্চী আৰু ধন বিনিয়োগ কৰি প্ৰতাৰণাৰ বলি হোৱা বহু বিনিয়োগকাৰীয়ে নাগালেণ্ডৰ ক’হিমা থানাত ৰুজু কৰিছিল গোচৰ। পৰৱৰ্তী সময়ত গোচৰটোৰ তদন্তৰ দায়িত্ব লৈছিল গুৱাহাটীৰ EDয়ে। অবৈধ বিত্তীয় লেনদেন প্ৰতিৰোধী আইন আৰু IT Actৰ ধাৰাত EDএ ৰুজু কৰিছিল গোচৰ। EDৰ তদন্তত এই এপটো ছৌদি আৰৱ আৰু চীনৰ পৰা চলি থকাৰো ওলাইছিল তথ্য।