Margherita : ইমান নৃশংস হ’ব পাৰেনে এগৰাকী মাতৃ! নৈৰ পাৰলৈ নি ৫ বছৰীয়া পুত্ৰ সন্তানক নৃশংসভাৱে হত্যা


 

মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। নিজৰ পাঁচ বছৰীয়া কণমানি পুত্ৰ সন্তানক নৃশংসভাৱে হত্যা মাতৃৰ। হত্যা কৰাৰ কথা নিজ মুখেৰে স্বীকাৰ কৰিলে হত্যকাৰী মাতৃ সুপ্ৰিয়া ভট্টাচাৰ্যই। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীক।

দুৰ্গা পূজাৰ নৱমীৰ দিনা নিৰুদ্দেশ হৈছিল ৫ বছৰীয়া শিশুটি। দুৰ্গোৎসৱৰ আনন্দ-উলাহৰ মাজতে মাৰ্ঘেৰিটাৰ ১নং লাজুমৰ পুৰণি ৰামকৃষ্ণ বিদ্যাপীঠ বিদ্যালয়ৰ খেল পথাৰৰ সমীপৰ নিবাসী অভিমন্যু নামৰ পাঁচ বছৰীয়া শিশুটি নিৰুদ্দেশ হৈছিল। শিশুটিৰ মাতৃয়ে মাৰ্ঘেৰিটা থানাত নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰিছিল। পৰৱৰ্তী সময়ত যোৱা সোমবাৰে বুঢ়ীদিহিং নৈৰ চাপৰিত শিশুটিৰ মৃতদেহ আৰক্ষীৰ তদন্তত উদ্ধাৰ হৈছিল।

শেহতীয়াকৈ মাৰ্ঘেৰিটা আৰক্ষীয়ে তদন্তত লাভ কৰিছে বৃহৎ সাফলতা। প্ৰথমে নিজ সন্তানক নৃশংসভাৱে হত্যা কৰিছিল সুপ্ৰিয়া ভট্টাচাৰ্যই, তাৰ পিছত ৰচিছিল নিৰুদ্দেশৰ নাটক। এই ঘটনাই মন-মগজু জোকাৰি গৈছে প্ৰতিজন লোকৰ।

জানিব পৰা মতে, নৱমীৰ দিনা পুৱা ৯ মান বজাত এখন অট’ ৰিক্সাৰে নিজ মাতৃয়ে ঘৰৰ পৰা উলিয়াই নিছিল পুত্ৰ সন্তানক। দিনৰ ১১ মান বজাত পুত্ৰ অবিহনে অকলশৰীয়াকৈ বেলেগ এখন অট’ৰে ঘৰলৈ ঘূৰি আহিছিল মহিলাগৰাকী। গাৰ কাপোৰ বোকাৰে লুটুৰি-পুতুৰি হৈ ঘৰলৈ ঘূৰি আহিছিল মহিলাগৰাকী। আৰক্ষীৰ তদন্তত অট’ ৰিক্সা চালকক সোধা-পোছা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।

নিজ মাতৃয়ে নিজ পুত্ৰ সন্তানক ঘৰৰ পৰা এক কিলোমিটাৰ দূৰত্বৰ নদীৰ ঘাটলৈ নি পানীত সুমুৱাই হত্যা কৰে। শিশুটিৰ পিতৃ শিৱসাগৰত থাকে, মাতৃয়ে মাৰ্ঘেৰিটাত মাকৰ ঘৰত শিশুটিক লৈ বাস কৰিছিল। এই ঘটনাই মাৰ্ঘেৰিটাত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।


Post a Comment

Previous Post Next Post