শ্বাহৰুখ খান। বলীউডৰ অভিনয়ৰ ধাৰা সলনি কৰা এজন অভিনেতা। দীৰ্ঘসময়জুৰি দৰ্শকৰ মন জয় কৰি আহিছে বলীউডৰ কিং খানে। এটা শেহতীয়া সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰিছে যে তেওঁ তেওঁৰ জীৱনৰ অন্তিম দিনটোলৈকে অভিনয় কৰিব বিচাৰে। আৰু ৰসিকতাৰে তেওঁ এয়াও কয় যে জীৱনৰ শেষ দিনটোতো তেওঁ ফিল্ম ছেটলৈ যাব বিচাৰে। তেওঁৰেই ভাষ্য অনুসৰি, যদিও তেওঁ নিজকে এজন অত্যন্ত মনোযোগী অভিনেতা হিচাপে নেদেখে, তথাপি কিং খানে তেওঁৰ চৰিত্ৰৰ জৰিয়তে জীৱন উদযাপন কৰিবলৈ ভাল পায় আৰু দৰ্শকৰ মনোৰঞ্জনক উপভোগ কৰে। তেওঁ জানে যে অভিনয়ক বিকশিত কৰিবলৈ সাধনা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। তেওঁ অলপতে লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱৰ ইউটিউব চেনেলত এক আছুতীয়া আলাপত মিলিত হয়, য’ত তেওঁ তেওঁৰ অভিনয় পদ্ধতি আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে বহু কথা মুকলি কৰে।
অভিনেতাজনে লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱত জীৱনজোৰা সাধনা বঁটা লাভ কৰিছে। য’ত তেওঁক সোধা হৈছিল যে তেওঁ চিৰদিনৰ বাবে অভিনয় কৰিব বিচাৰে নেকি? তেওঁ মূৰ দুপিয়াই উত্তৰ দিয়ে এনেদৰে, ‘মই সদায় অভিনয় কৰিম নেকি? হয়, মই মৰি যোৱাৰ দিনটোলৈকে অভিনয় কৰিব বিচাৰোঁ। মোৰ জীৱনৰ সপোনেই হৈছে- কোনোবাই মোক Action বুলি ক’ব আৰু তাৰ পাছত মই মৰি যাম। আৰু Cut বুলি ক’ব। কিন্তু মই উঠি নাহিম। হয়, মই চিৰদিনৰ বাবে অভিনয় কৰিবলৈ ভাল পাম।’
একেটা বাৰ্তালাপৰ সময়ত, তেওঁ লগতে উল্লেখ কৰে যে ‘ষ্টাৰডম’ তেওঁৰ বাবে এক পৃথক সত্তা। তেওঁৰ কাম আৰু তেওঁৰ অনুৰাগীসকলৰ পৰা তেওঁ লাভ কৰা প্ৰকৃত মৰম আৰু সন্মানৰ পৰা সেয়া পৃথক। তেওঁ কয়, ‘মই কি কৰোঁ আৰু তেওঁলোকে কি কৰে তাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। গতিকে মই কেতিয়াও ‘ষ্টাৰডম’ক গুৰুত্বপূৰ্ণ বুলি ভবা নাই। হয়, মই ইয়াক যথেষ্ট সন্মান কৰোঁ। এইটোৱে মোক যথেষ্ট স্বীকৃতি, দৰ্শকৰ মৰম, টকা প্ৰদান কৰিছে। ইয়াৰ বাবে মোৰ পৰিয়ালে সুখী অনুভৱ কৰে। কিন্তু ‘ষ্টাৰডম’ এনেকুৱা নহয় যে মই এটা কোঠালৈ খোজ কাঢ়োঁতে প্ৰথম বস্তু হিচাপে কঢ়িয়াই মই ‘ষ্টাৰডম’কে কঢ়িয়াই নিওঁ। মোৰ বাবে মই টি-চাৰ্টৰ দৰে ‘ষ্টাৰডম’ পিন্ধো, টাক্সেডোৰ দৰে নহয়।’ উল্লেখযোগ্য যে শ্বাহৰুখ খানক সুজয় ঘোষৰ ‘কিং’ত দেখা যাব, য’ত তেওঁৰ জীয়েক সুহানা খানেও অভিনয় কৰিব।