অহা নৱেম্বৰৰ ১৫ তাৰিখে আদালতত হাজিৰ হ’ব লাগিব বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ২০১০ চনত হাছিনাৰ পৃষ্ঠপোষকতাত গঠন হোৱা International Crime Tribunalয়ে হাছিনাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰে। জুলাই আৰু আগষ্ট মাহৰ চৰকাৰ বিৰোধী প্ৰতিবাদত অংশ লোৱাসকলৰ ওপৰত অমানুষিক অত্যাচাৰ চলোৱাৰ অভিযোগত হাছিনাৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰী কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে প্ৰশাসনক হাছিনাসহ আন ৪৪ জনক গ্ৰেপ্তাৰ কৰি নৱেম্বৰৰ ১৮ তাৰিখে আদালতক হাজিৰ কৰিবলৈ নিৰ্দেশ দিছে। এই তালিকাত হাছিনা চৰকাৰৰ গৃহমন্ত্ৰী আচাদুজ্জামান খানৰ নামো অন্তৰ্ভুক্ত হৈ আছে। দেশখনৰ মুখ্য ফৰিয়াদী তাজুল ইছলামৰ লেখ আৱেদনৰ ভিত্তিত ন্যায়াধিকৰণৰ অধ্যক্ষ ন্যায়াধীশ মহম্মদ গোলাম মুৰতাজা মজুমদাৰে হাছিনাৰ গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে। হাছিনাই বৰ্তমান ভাৰতত আত্মগোপন কৰি আছে।
আইনা ঘৰৰ আলহী হ’ব নেকি হাছিনা?
ভাৰতে প্ৰত্যাৰ্পণ কৰিলে বাংলাদেশত বন্দীত্বৰ জীৱন কটাব লাগিব শ্বেখ হাছিনাই। আইনা ঘৰতে হাছিনাক বন্দী কৰি ৰখাৰ সম্ভাৱনা প্ৰকট হৈছে। ২০০৯ চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মাটিৰ তলত গোপন কাৰাগাৰ নিৰ্মাণ কৰিছিল হাছিনাই। চৰকাৰৰ বিৰুদ্ধাচৰণ কৰাসকলক সেই কাৰাগাৰসমূহত বন্দী কৰি থোৱা হৈছিল। কাৰাগাৰবোৰক আইনা ঘৰ নাম দিয়া হৈছিল কাৰণ বন্দী ব্যক্তিজনে নিজৰ বাদে আন কাৰোবাৰ ছাঁটো দেখাৰ ব্যৱস্থা নাছিল। প্ৰতিজন বন্দীক পৃথকে-পৃথকে ৰখা হৈছিল। মাৰ্কিন সংবাদ পত্ৰ নিউয়ৰ্ক টাইমছত উল্লেখ কৰা মতে, ২০০৯ চনৰ পৰা ৭০০ লোক অন্তৰ্ধান হৈছিল । কিন্তু এই সংখ্যা ইয়াতকৈ বহু গুণে বেছি হ’ব পাৰে। এই কাৰাগাৰসমূহ সেনাবাহিনীৰ গুপ্তচৰে পৰিচালনা কৰিছিল। বিদেশ সেৱা বিষয়া, জ্যেষ্ঠ অধিবক্তা কোনো সাৰি যোৱা নাছিল সেই অকথ্য নিৰ্যাতনৰ পৰা। সামাজিক মাধ্যমত হাছিনাৰ বিৰুদ্ধে সামান্য মন্তব্য কৰিলেও ধৰি আনি সোমোৱাই থোৱা হৈছিল আইনা ঘৰত। বন্দীবোৰক শিকলিৰ বান্ধি থোৱা হৈছিল আৰু অকথ্য শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলোৱা হৈছিল। নিজে সজা আইনা ঘৰতে এতিয়া হাছিনা বন্দী হৈ থকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।