বিলাসী ঘৰত ডাঙৰ-দীঘল হোৱাৰ পিছতো ৰতন টাটা আছিল অতি অমায়িক আৰু ভদ্ৰ। তেওঁৰ এই গুণে তেওঁক জীৱনত সফলতাৰ শিখৰলৈ লৈ গ’ল। ছয়খন মহাদেশৰ ১০০খনতকৈও অধিক দেশত কাম কৰা, সমাজৰ প্ৰতিটো খণ্ডতে কোম্পানী থকা টাটা গ্ৰুপৰ পিতৃপুৰুষ হৈ পৰে ৰতন টাটা। য’ত শক্তি, অটোমোটিভ, অভিযান্ত্ৰিক আৰু আই টি যোগাযোগ অন্তৰ্ভুক্ত। টাটা কোম্পানীত ৮ লাখৰো অধিক কৰ্মচাৰীয়ে কাম কৰে। ৰাজহুৱাভাৱে তালিকাভুক্ত ২৯টা টাটা উদ্যোগৰ মুঠ বজাৰ মূলধন ৪০৩ বিলিয়ন মাৰ্কিন ডলাৰ। ৰতন টাটা, টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জামছেদজী টাটাৰ তোলনীয়া নাতি নভল টাটাৰ পুত্ৰ। এই ক্ষেত্ৰত তেওঁ টাটা পৰিয়ালৰ এক অবিচ্ছেদ্য অংগ আছিল। যেতিয়া জে আৰ ডিৰ উত্তৰাধিকাৰী বাছনি কৰাৰ সময় আহিল, তেতিয়া তেওঁৰ ঠাই ল’ব পৰা ৰতন টাটা আছিল আটাইতকৈ যোগ্য ব্যক্তি।
কৰ্নেল বিশ্ববিদ্যালয়ৰ পৰা আৰ্কিটেক্ট আৰু ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী আৰু হাৰ্ভাৰ্ড এডভান্সড মেনেজমেণ্ট প্ৰগ্ৰেমৰ দৰে অৰ্হতা লাভ কৰাৰ পিছতো ৰতন টাটাই ১৯৬২ চনত টেলকো (বৰ্তমান টাটা মটৰ্ছ) আৰু তাৰ পিছত টাটা ষ্টীলত কাম কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। য’ত তেওঁ চূণশিল খনন কৰিছিল আৰু ব্লাষ্ট ফাৰ্নেচত দলৰ সদস্য হিচাপে কাম কৰিছিল। ১৯৮১ চনলৈ ৰতন টাটাই টাটা ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ আৰু জে আৰ ডিৰ উত্তৰাধিকাৰী হয়। ১৯৯১ চনৰ পৰা ২০১২ চনত অৱসৰ লোৱালৈকে তেওঁ টাটা গ্ৰুপৰ হোল্ডিং কোম্পানী টাটা ছনছৰ অধ্যক্ষ হৈয়েই থাকে। তেওঁৰ কাৰ্যকালত প্ৰতিষ্ঠানটোৰ ৰাজহ যথেষ্ট বৃদ্ধি পায়, যিটো ২০১১–১২ চনত মুঠ ১০০ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক হৈছিল।
এজন দূৰদৰ্শী হিচাপে তেওঁৰ মাৰ্গদৰ্শনত কোম্পানীটোৱে নিজৰ ‘ৰিভাৰ্ছ ক’ল’নিয়েলিজম’ৰ বাবে পৰিচিত হয়, কিয়নো ২০০০ চনত ৪০৭ মিলিয়ন মাৰ্কিন ডলাৰত চাহ কোম্পানী টেটলী, ২০০৭ চনত ১২ বিলিয়ন মাৰ্কিন ডলাৰত এংলো-ডাচ ক’ৰাছ গ্ৰুপ আৰু ২০০৮ চনত জাগুৱাৰ লেণ্ড ৰভাৰ ২.৩ বিলিয়ন মাৰ্কিন ডলাৰত ক্ৰয় কৰে। কোম্পানীটোৱে বিশ্বজুৰি হোটেল, ৰাসায়নিক কোম্পানী, যোগাযোগ নেটৱৰ্ক আৰু শক্তি প্ৰদানকাৰী প্ৰতিষ্ঠানো ক্ৰয় কৰে। জামছেদজী টাটাই ১৮৬৮ চনত এটা ট্ৰেডিং কোম্পানী আৰম্ভ কৰি পৰিয়ালৰ ব্যৱসায় আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ কাপোৰ মিল এটা খুলিলে। পৰৱৰ্তী সময়ত দেশৰ সৰ্ববৃহৎ ব্যৱসায়িক গোট হিচাপে পৰিগণিত হয়।
১৯৩৭ চনৰ ২৮ ডিচেম্বৰত ব্ৰিটিছ ভাৰতৰ বম্বেত (বৰ্তমানৰ মুম্বাই) পাৰ্চী পৰিয়ালত জন্মগ্ৰহণ কৰা ৰতন টাটা নভল টাটা আৰু সুনী কমিছাৰিটৰ পুত্ৰ। ৰতন টাটাৰ বয়স ১০ বছৰ থকা সময়তে পিতৃ-মাতৃৰ বিচ্ছেদ হৈছিল। তাৰ পিছত জে এন পেটিট পাৰ্চি অনাথ আশ্ৰমৰ জৰিয়তে তেওঁক আনুষ্ঠানিকভাৱে তুলি লৈছিল আইতাক নৱাজবাই টাটাই। ৰতন টাটা তেওঁৰ আঢ়ৈ বছৰীয়া সতীয়া নোয়েল টাটা (নভল টাটা আৰু ছিমন টাটাৰ পুত্ৰ)ৰ সৈতে ডাঙৰ-দীঘল হৈছিল। ৰতন টাটাই মুম্বাইৰ কেম্পিয়ন স্কুল, কেথেড্ৰেল আৰু মুম্বাইৰ জন কানন স্কুল, চিমলাৰ বিচপ কটন স্কুল আৰু নিউয়ৰ্ক চহৰৰ ৰিভাৰডেল কাউণ্ট্ৰী স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। কৰ্নেল বিশ্ববিদ্যালয় আৰু হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ প্ৰাক্তন ছাত্ৰ আছিল তেওঁ। ৰতন টাটাই ৯ অক্টোবৰত ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
যেতিয়া কোনো পাৰিবাৰিক ব্যৱসায়ত কেৰিয়াৰ বনোৱা হয়, তেতিয়া প্ৰায়ে এক উত্তৰাধিকাৰী জন্ম দিয়াৰ হেঁচা অধিক হয়। কিন্তু ৰতন টাটাই এই প্ৰয়োজনৰ বিৰোধ কৰে আৰু অবিবাহিত হৈ থাকিল। বহুতে তেওঁৰ অবিবাহিত হোৱাৰ কাৰণৰ ওপৰত জল্পনা-কল্পনা কৰে, প্ৰায়ে পিতৃ-মাতৃৰ ভগ্ন বিবাহক দোষাৰোপ কৰিছে। কিন্তু তেওঁ প্ৰকাশ কৰিছিল যে এবাৰ তেওঁৰ বিয়াৰ পৰিকল্পনা হৈছিল। ফেচবুক পেজ ‘হিউমেনছ অৱ বম্বে’ৰ বাবে লিখা এটা পোষ্টত তেওঁ লিখিছে, ‘‘কলেজৰ পিছত এল এ (লছ এঞ্জেলছ)ৰ এটা আৰ্কিটেকচাৰ ফাৰ্মত চাকৰি পাইছিলো, য’ত মই দুবছৰ কাম কৰিছিলো। প্ৰেমত পৰি প্ৰায় বিয়া পাতিবলৈ ওলাইছিলো। কিন্তু সেই সময়তে মই (ভাৰতলৈ) উভতি অহাৰ সিদ্ধান্ত লৈছিলো, সাময়িকভাৱে৷ কাৰণ প্ৰায় ৭ বছৰ ধৰি অসুস্থ হৈ থকা আইতাৰ পৰা মই আঁতৰত আছিলো। সেইবাবে তেওঁক লগ পাবলৈ উভতি আহিলো আৰু ভাবিছিলো যিগৰাকীক মই বিয়া পাতিব বিচাৰিছিলো, তেওঁ ভাৰতলৈ আহিব, কিন্তু ১৯৬২ (চীন-ভাৰত) যুদ্ধৰ বাবে তেওঁৰ পিতৃ-মাতৃয়ে এই কথাত সন্মত হোৱা নাছিল, সম্পৰ্ক ভাঙি গৈছিল।’’
যদিও এজন যুৱকে প্ৰেম বিবাহৰ পৰিৱৰ্তে আইতাকক বাছি লোৱাটো আচহুৱা যেন লাগিলেও ৰতন টাটাৰ আইতাকৰ প্ৰতি অতিশয় শ্ৰদ্ধা আছিল। পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদে তেওঁক কষ্ট দিছিল, কিন্তু তাৰ পৰা তেওঁ যি শিক্ষা পালে, সেয়া তেওঁৰ চৰিত্ৰৰ অংশ হৈ পৰিল। তেওঁ লিখিছিল, “মায়ে পুনৰ বিয়া হোৱাৰ পিছতে স্কুলৰ ল’ৰাবোৰে আমাৰ বিষয়ে বেলেগ বেলেগ কথা ক’বলৈ ধৰিলে। কিন্তু আইতাই আমাক যিকোনো মূল্যৰ বিনিময়ত মৰ্যাদা বজাই ৰাখিবলৈ শিকাইছিল, যিটো মূল্য আজিও মোৰ মনত আছে। ইয়াৰ ভিতৰত এনে পৰিস্থিতিৰ পৰা আঁতৰি থকাটোও আছিল, যাৰ বিৰুদ্ধে মই যুঁজিব পাৰিলোহেঁতেন।”
নীতিৰ লগত আপোচ কৰা নাছিল টাটাই৷ ২০১২ চনত ৭৫ বছৰ বয়সত তেওঁ কোম্পানীৰ পৰা পদত্যাগ কৰে, যিটো কোম্পানীৰ নীতিৰ ভিতৰত পৰিছিল। ইয়াৰ পিছত নতুন অধ্যক্ষ প্ৰয়োজন হ’ল। চাইৰাছ মিষ্ট্ৰীক বাছনি কৰা হৈছিল কাৰণ তেওঁৰ পিতৃ পাল্লনজি মিষ্ট্ৰীও এই বংশৰে আছিল, যাৰ টাটা ব্যৱসায়ৰ ১৮.৫ শতাংশ অংশীদাৰিত্ব আছিল। টাটা পৰিয়ালত বিয়া পতা হেতুকে (চাইৰাছৰ ভনীয়েক আলুৱে টাটাৰ সতীয়া ভাতৃ নোৱেলৰ সৈতে বিয়া হৈছিল) এয়া একেবাৰে সঠিক বুলি ধৰা হৈছিল।
২০১৬ চনত চাইৰাছক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগে লগে দুয়োটা পৰিয়ালৰ মাজত শতিকাজুৰি চলি অহা সম্পৰ্কৰ অৱনতি ঘটে। চাইৰাছে দাবী কৰিছিল যে তেওঁক অন্যায়ভাৱে আঁতৰাই দিয়া হৈছে। তেওঁ কোম্পানীটোৰ গাঁথনি আৰু ৰতন টাটা দুয়োকে সমালোচনা কৰিছিল আৰু বিষয়টো উচ্চতম ন্যায়ালয় পাইছিল। য’ত ন্যায়াধীশে টাটা গ্ৰুপৰ সপক্ষে ৰায় দিছিল। ৰায়দানত সন্তুষ্ট হৈ ৰতন টাটাই কয় যে “মোৰ সততা আৰু গোটটোৰ নৈতিক আচৰণৰ ওপৰত ধাৰাবাহিক আক্ৰমণ”ৰ পিছত তেওঁক দোষমুক্ত কৰা হৈছে।
ৰতন টাটাৰ জীৱনী
জন্ম: ২৮ ডিচেম্বৰ, ১৯৩৭
মৃত্যু: ৯ অক্টোবৰ, ২০২৪
শিক্ষা:
কৰ্নেল বিশ্ববিদ্যালয়, হাৰ্ভাৰ্ড বিজনেছ স্কুল
পৰিয়াল:
নভাল টাটা (পিতৃ)
ছুনি কমিছাৰিট (মাতৃ)
পদ:
টাটা ছনছ আৰু টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ, পৰোপকাৰী বিনিয়োগকাৰী,
টাটা ছনছ আৰু টাটা গ্ৰুপৰ সন্মানীয় অধ্যক্ষ
পূৰ্বসূৰী: জে আৰ ডি টাটা
উত্তৰাধিকাৰী:
চাইৰাছ মিষ্ট্ৰী (২০১২)
নটৰাজন চন্দ্ৰশেখৰন (২০১৭–বৰ্তমান)
বঁটা:
পদ্ম বিভূষণ (২০০৮)
পদ্ম ভূষণ (২০০০)