Kamal Hassan on Ratan Tata: ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ পিছত তাজ হোটেলত ৰতন টাটাক লগ পোৱাৰ কথা সুঁৱৰিলে কামাল হাছানে


 

বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানৰ পিছতে ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ পিছত তাজ হোটেলত ৰতন টাটাক লগ পোৱাৰ কথা সুঁৱৰিলে বিশিষ্ট অভিনেতা কামাল হাছানে। প্ৰবীণ অভিনেতা কামাল হাছানে ২০০৮ চনৰ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ৰতন টাটাক লগ পোৱাৰ কথা মনত পেলাই উল্লেখ কৰে “ৰতন টাটা জী মোৰ ব্যক্তিগত নায়ক আছিল, যিজনক মই গোটেই জীৱন অনুকৰণ কৰিবলৈ চেষ্টা কৰিছিলো। ৰতন টাটা দেশৰ সম্পদ আৰু আধুনিক ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত তেঁওৰ অৱদান চিৰদিনৰ বাবে লিপিবদ্ধ হৈ থাকিব।’’


“ৰতন টাটাৰ প্ৰকৃত সমৃদ্ধি বস্তুগত সম্পদত নহয় বৰঞ্চ তেওঁৰ নৈতিকতা, সততা, নম্ৰতা আৰু দেশপ্ৰেমতহে আছিল। ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ পিছতে মই তেওঁক লগ পাইছিলো তাজ হোটেলত থকাৰ সময়তে। দেশৰ সংকটৰ সেই মুহূৰ্তত ৰতন টাটাই সন্মুখৰ পৰা নেতৃত্ব দিছিল। সন্ত্ৰাসবাদীৰ আক্ৰমণত বিস্তৰ ক্ষতিসাধন হৈছিল টাটা গ্ৰুপৰ তাজ হোটেলৰ। কিন্তু ৰতন টাটাৰ শক্তিশালী নেতৃত্বৰ বাবে পুনৰ প্ৰাণ পাইছিল তাজ হোটেলে। টাটা গ্ৰুপৰ প্ৰতিজন কৰ্মচাৰীকে তেঁও নিজৰ পৰিয়ালৰ দৰে জ্ঞান কৰিছিল।’’


‘ৰতন টাটা কায়িকভাৱে আমাৰ কাষত নাথাকিলেও তেওঁৰ উত্তৰাধিকাৰ, নম্ৰতা, উদাৰতা আৰু উদ্দেশ্যই ভৱিষ্যত প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি থাকিব।’ ৰতন টাটা কেৱল তেওঁৰ উল্লেখযোগ্য ব্যৱসায়িক অন্তৰ্দৃষ্টিৰ বাবেই নহয়, দানশীলতা আৰু নৈতিক নেতৃত্বৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেও পৰিচিত আছিল। তেওঁৰ অৱদানসমূহে উদ্যোগসমূহক সামৰি লৈছিল, আৰু তেওঁৰ উত্তৰাধিকাৰে প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। ৰতন টাটাৰ মহাপ্ৰয়াণৰ পিছতে ছ’চিয়েল মিডিয়াত গভীৰ শোক প্ৰকাশ কৰি এই দৰে উল্লেখ কৰে বিশিষ্ট অভিনেতা কামাল হাছানে।

Post a Comment

Previous Post Next Post