Supreme Court of India: নাগৰিকত্বৰ ভিত্তিবৰ্ষক উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান


 

১৯৭১ চনৰ ২৫ মাৰ্চেই হৈ থাকিব অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ। অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফ’ৰাম অসমে তৰা গোচৰৰ এই ৰায় দিয়ে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন ৫জনীয়া সংবিধানপীঠে এই ৰায় প্ৰদান কৰে। মুখ্য ন্যায়াধীন ডি ৱাই চন্দ্ৰচূড়ৰ উপৰি ন্যায়াধীশ সূৰ্যকান্ত, এম এম সুন্দৰেশ, আৰু মনোজ মিশ্ৰই ১৯৭১চনৰ ২৫ মাৰ্চৰ সপক্ষে ৰায় দিয়ে। আনহাতে জে বি পাৰ্ডিৱালা এই মতৰ বিপক্ষে ৰায় দিয়ে।


নাগৰিকত্ব আইন ১৯৫৫ৰ 6A ধাৰাক প্ৰত্যাহ্বান জনাই গোচৰ তৰিছিল অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফ’ৰামে। অৱশেষত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে গুৰুত্বপূৰ্ণ ৰায়। আজি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায় অনুসৰি অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৫ মাৰ্চ বাহাল থাকিব।

২০২৩ৰ ১২ ডিচেম্বৰত হৈছিল নাগৰিকত্ব আইন ১৯৫৫ৰ ৬(ক)ৰ শুনানি। শুনানিৰ ১০ মাহৰ পিছত ৰায় প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ে। চূড়ান্ত শুনানিৰ পিছতে উচ্চতম ন্যায়ালয়ে সংৰক্ষিত ৰাখিছিল ৰায়।

Post a Comment

Previous Post Next Post