Karimganj Accident : ভয়ংকৰ দুৰ্ঘটনা! মুহূৰ্ততে শেষ হ’ল অসম আৰক্ষীৰ দুই জোৱানৰ জীৱন


 

নিশা কৰিমগঞ্জৰ পাথাৰকান্দি বাইপাছ পথত ভয়ংকৰ দুৰ্ঘটনা। ৰৈ থকা বালি কঢ়িওৱা ট্ৰাকত বাইকেৰে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় অসম আৰক্ষীৰ দুজন জোৱান। মৃত্যু হোৱা আৰক্ষী জোৱান দুজন হৈছে ৰাজীৱ বৰ্মন আৰু বুধন বৰ্মন। 15 APBNৰ জোৱান আছিল দুয়োজন।

AS 10 6464 নম্বৰৰ বালি কঢ়িওৱা ট্ৰাকখন বাইপাছ পথৰ মাণিকপাৰা এলেকাত অবৈধভাৱে পাৰ্কিং কৰা অৱস্থাত আছিল। ট্ৰাকখনত জ্বলাই থোৱা নাছিল কোনো পাৰ্কিং লাইট। AS 01E 4042 নম্বৰৰ ৰয়েল এনফিল্ড বাহনত আহিছিল দুয়োগৰাকী আৰক্ষীৰ জোৱান। মাণিকপাৰা এলেকাত ৰৈ থকা ট্ৰাকখনৰ পাছফালে প্ৰচণ্ড খুন্দা মাৰে তেওঁলোকৰ বাইকখনে। যাৰ ফলত ঘটনাস্থলীয়ে নিহত হয় আৰক্ষীৰ দুই জোৱান। মৃত্যু হোৱা ৰাজীৱ বৰ্মন আছিল কৰিমগঞ্জৰ খিলৰবন্দ এলেকাৰ বাসিন্দা। বুধন বৰ্মনৰ ঘৰ হৈছে দুৰ্লভচেৰা অঞ্চলত।

Post a Comment

Previous Post Next Post