হৰদীপ সিং নিজ্জৰৰ হত্যাকাণ্ডক লৈ অটোৱা-দিল্লীৰ মুকলি সংঘাত। কানাডাত বন্ধ ভাৰতীয় দূতাৱাস। ভাৰতে খেদি পঠালে কানাডিয়ান কূটনীতিবিদক। হৰদীপ সিং নিজ্জৰৰ হত্যাৰ অভিযোগত কানাডাৰ ভাৰতীয় উচ্চায়ুক্ত সঞ্জয়কুমাৰ বাৰ্মাক বহিষ্কাৰ কৰাৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতৰ। দিল্লীত থকা কানাডাৰ কাৰ্যবাহী উচ্চায়ুক্ত ষ্টিৱাৰ্ট ৰছ হুইলাৰসহ ৬ কূটনীতিবিদক বহিষ্কাৰ। ১৯ অক্টোবৰৰ দুপৰীয়া ১১ বাজি ৫৯ ছেকেণ্ডৰ পূৰ্বে ভাৰত ত্যাগ কৰাৰ কঠোৰ নিৰ্দেশ কানাডাৰ ৬ কূটনীতিবিদক। অৱশ্যে তাৰ পূৰ্বেই দিল্লীৰ কাৰ্যালয়ত তলা ওলমাই অটোৱা পালেগৈ কূটনীতিবিদ কেইগৰাকী।
২০২৩ চনৰ ১৮ জুনত কানাডাত শিখ বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জৰৰ হত্যাকাণ্ডৰ পাছতে সংঘাত বাঢ়িছে ভাৰত আৰু কানাডাৰ। ইতিমধ্যে নিজ্জৰ হত্যাত জড়িত থকাৰ অভিযোগত কানাডা পুলিচৰ ইণ্টিগ্রেটেড হোমিচাইড ইনভেষ্টিগেচন টীমে গ্ৰেপ্তাৰ কৰিছে কেইবাজনো ভাৰতীয় আৰু ভাৰতীয় বংশোদ্ভৱ লোকক। শনিবাৰে নিজ্জৰৰ হত্যাকাণ্ডত ভাৰতীয় উচ্চায়ুক্ত সঞ্জয়কুমাৰ বাৰ্মা জড়িত কৰি সকলো সীমা চেৰাই গ’ল কানাডা চৰকাৰে। দিল্লীৰ আৱেগলৈ কেৰেপ নকৰি শনিবাৰে কানাডাৰ চৰকাৰে নিজ্জৰ হত্যাৰ অভিযোগত ছগৰাকী ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰা ঘটনাৰ উচিত প্ৰত্যুত্তৰ দিলে নৰেন্দ্ৰ মোদী চৰকাৰে।
সমাগত নিৰ্বাচনক লক্ষ্য কৰি এই পদক্ষেপ জাষ্টিন ট্ৰুডো চৰকাৰৰ। নিৰ্বাচনত কট্টৰপন্থী খালিস্তানী গোষ্ঠীৰ সমৰ্থনৰ আশাত ট্ৰুডো চৰকাৰে লৈছে তীব্ৰ ভাৰত বিৰোধী স্থিতি। ২০২০ চনতে ভাৰতে সন্ত্ৰাসবাদী ঘোষণা কৰা খালিস্থানীপন্ধী নেতা হৰদীপ সিং নিজ্জৰৰ হত্যাকাণ্ডক লৈ ব্যস্ত হৈ পৰিছে জাষ্টিন ট্ৰুডোৰ চৰকাৰ। যি নিজ্জৰে ১৯৯৬ চনত পাছপোৰ্ট জালিয়াতি কৰি ভাৰতৰ পৰা উপস্থিত হৈছিল কানাডাত। অটোৱাত ট্ৰাক চালক হিচাপে কাম কৰা নিজ্জৰে অস্ত্ৰচালনা আৰু বিস্ফোৰকৰ প্ৰশিক্ষণ লৈছিল পাকিস্তানত।