Omar Abdullah : জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ওমৰ আব্দুল্লাই


 

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ওমৰ আব্দুল্লাই। ওমৰ আব্দুল্লাই দ্বিতীয়বাৰৰ বাবে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে। জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ তথা জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ পাছত ওমৰ আব্দুল্লাই প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে।

দ্বিতীয়বাৰৰ বাবে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হোৱা ওমৰ আব্দুল্লা জম্মু-কাশ্মীৰৰ আব্দুল্লা পৰিয়ালৰ তৃতীয় প্ৰজন্মৰ মুখ্যমন্ত্ৰী। ওমৰ আব্দুল্লাৰ ককাক-আইতাক-পিতৃও জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী আছিল। ওমৰ আব্দুল্লাৰ ককাক শ্বেখ মহম্মদ আব্দুল্লাই জম্মু-কাশ্মীৰ মুছলিম কনফাৰেঞ্চ দল প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত দলটোক জম্মু-কাশ্মীৰ নেচনেল কনফাৰেঞ্চ হিচাপে নামকৰণ কৰা হয়। এই জম্মু-কাশ্মীৰ নেচনেল কনফাৰেঞ্চৰ নেতৃত্বতে ওমৰ আব্দুলে গঠন কৰিছে চৰকাৰ।


ওমৰ আব্দুল্লাৰ ককাক শ্বেখ মহম্মদ আব্দুল্লা জম্মু কাশ্মীৰৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰী আছিল। ভাৰত স্বাধীন হোৱাৰ সময়ত ৰজাৰ শাসন চলা জম্মু-কাশ্মীৰত ৰাজতন্ত্ৰৰ অৱসানৰ বাবে মহাৰাজ হৰি সিঙৰ শাসনৰ বিৰুদ্ধে শ্বেইখ মহম্মদ আব্দুল্লাই আন্দোলন কৰি জম্মু-কাশ্মীৰৰ স্বায়ত্ত শাসনৰ দাবী কৰিছিল। আৰু তাৰ ফলশ্ৰুতিতে ১৯৫১ চনৰ ৩১ অক্টোবৰত শ্বেখ মহম্মদ আব্দুল্লা জম্মু-কাশ্মীৰৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰী হয়। শ্বেৰ-ঈ-পঞ্জাব নামে জনাজাত শ্বেখ মহম্মদ আব্দুুল্লাই ১৯৫৩ চনৰ সন্ত্ৰাসবাদীক সহযোগ কৰাৰ অভিযোগত কাৰাবাসো খাটিছিল।

১৯৬৫ চনৰ পৰা জম্মু-কাশ্মীৰৰ প্ৰধানমন্ত্ৰীৰ পদ সলনি কৰি মুখ্যমন্ত্ৰী নামকৰণ কৰা হয়। শ্বেখ মহম্মদ আব্দুল্লা ভাৰতৰ অংগ ৰাজ্য জম্মু-কাশ্মীৰৰৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰী আছিল। শ্বেখ মহম্মদ আব্দুল্লা ১৯৭৫- ১৯৮২চনলৈ দুবাৰকৈ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। আনহাতে শ্বেখ আব্দুল্লাৰ পত্নী আকবৰ জেহান আব্দুল্লাৰো বৰ্ণিল ৰাজনৈতিক পৰিক্ৰমা আছে। আকবৰ জেহান আব্দুল্লা জম্মু কাশ্মীৰৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰী আছিল। আনহাতে ওমৰ আব্দুল্লাৰ পিতৃ তথা নেচনেল কনফাৰেঞ্চৰ সভাপতি ফাৰুক আব্দুল্লায়ো ১৯৮২-২০০২ চনৰ মাজৰ সময়ছোৱাত পাঁচবাৰকৈ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ২০০৯-২০১৪লৈ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰা ওমৰ আব্দুল্লা অটল বিহাৰী বাজপেয়ী চৰকাৰৰ বিদেশ মন্ত্ৰীও আছিল।

Post a Comment

Previous Post Next Post