এছিয়াৰ আটাইতকৈ বিষাক্ত সাপ ৰাছেল ভাইপাৰ। ৰাছেল ভাইপাৰ ফেটী সাপতকৈও বিষাক্ত এই ৰাছেল ভাইপাৰ। ৰাছেল ভাইপাৰে দংশন কৰিলে এজনক। কিন্তু তাৰ পিছত যি ঘটনা সংঘটিত হ’ল সেই ঘটনা কথা জানিলে চকু কপালত উঠিব আপোনাৰ। এজন লোকক বিষাক্ত ৰাছেল ভাইপাৰে দংশন কৰিছিল, কিন্তু ৰাছেল ভাইপাৰ দংশনৰ পিছতে সাপদালৰ মুখত হেঁচা মাৰি ধৰি চিকিৎসালয়ত উপস্থিত হ’ল সাপে দংশন কৰা লোকজন। লোকজন চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে সমগ্ৰ চিকিৎসালয়তে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। কিয়নো কিবা কাৰণত যদি সাপদাল লোকজনৰ হাতৰ পৰা ওলাই যায়, যিকোনো পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।
মঙলবাৰে নিশা ৰাছেল ভাইপাৰে দংশ কৰিছিল প্ৰকাশ মণ্ডল নামৰ এজন লোক। আৰু সাপৰ দংশনৰ পিছতে বিষ-যন্ত্ৰণাত ভুগি, লুঙী-গেঞ্জী পৰিধান কৰিয়েই উপস্থিত হ’ল চিকিৎসালয়ত। আনকি চিকিৎসালয়ত উপস্থিত থকা চিকিৎসকো লোকজনৰ ওচৰলৈ অহা নাছিল।
লোকজনৰ হাতত সাপ দেখা পাই চকু কপালত উঠিছিল চিকিৎসকৰ। বহুসময় ধৰি চিকিৎসালখনৰ জৰুৰীকালীন ৱাৰ্ডত চটফটাই আছিল। কিন্তু চিকিৎসাৰ বাবে লোকজনৰ কাষ চাপিব পৰা নাছিল চিকিৎসক। আনকি বহুতে ভয়ত কম্পমান হৈ আছিল, কেনেবাকৈ সাপদাল হাতৰ পৰা ওলাই গ’লে সৃষ্টি হ’ব অভাৱনীয় পৰিস্থিতি।