ট্ৰেডিং কেলেংকাৰীৰ পৰা সাৰি যাব নেকি চুমি বৰা? ৰেহাই পাব নেকি তাৰ্কিক বৰাই? আদালতত দাখিল কৰা গোচৰত চুমি-তাৰ্কিকৰ নাম নথকাত এই প্ৰশ্ন সৰ্বসাধাৰণৰ। অসম আৰক্ষীয়ে সপি দিয়া ৪১খন এজাহাৰৰ ভিতৰত মাত্ৰ ছখনৰ নথি-পত্ৰ হাতত পৰিছে CBIৰ তদন্তকাৰী দলৰ। সেই ছখন এজাহাৰৰ আধাৰত CBIৰ আদালতত ৰুজু হোৱা ৬টা গোচৰত নাম সাঙোৰ খাইছে ১৯জন অভিযুক্তৰ। সেই ছটা গোচৰত ৰীল ৰাণীয়ে ৰেহাই পালেও ১৯জন অভিযুক্তৰ তালিকাত দীপাংকৰ বৰ্মন, স্বপ্ননীল দাস আৰু ৰঞ্জিত কাকতিৰ সৈতে নাম আছে বিশাল ফুকনৰ। সাৰি যোৱা নাই দীপাংকৰ বৰ্মনৰ প্ৰেমিকা মনালিছা দাসো। আনকি YBY কেলেংকাৰীৰে জড়িত মিথিংগা নাৰ্জাৰীৰ লগতে CBIৰ অভিযুক্তৰ তালিকাত আছে পূজা পেটেল, ৰঞ্জনা দাস, চন্দ্ৰলিকা মেধী, তুলিকা হালৈকে ধৰি মুঠ ১৯ জন অভিযুক্তৰ নাম।
গুৱাহাটীৰ CBI ৰ আদালতত গোচৰ ৰুজু কৰাৰ সমান্তৰালকৈ ডিব্ৰুগড়ত তদন্ত চলাইছে CBIৰ আন এটা দলে। CBIৰ দল ডিব্ৰুগড়ত উপস্থিত হোৱাৰ বাতৰি শুনি সদৰ থানাত গোট খাইছে একাধিক ভুক্তভোগী। গ্ৰামোন্নয়নৰ চাকৰি এৰি ট্ৰেডিং এফ এক্সৰ নামত ১২০০ কোটি জেপত ভৰোৱা ৰঞ্জিত কাকতি এণ্ড কোম্পানীৰ বিৰুদ্ধে এশ এবুৰি অভিযোগ ভুক্তভোগীৰ। কেৱল ৰঞ্জিত কাকতিয়ে নহয়, ট্ৰেডিং এফ এক্সৰে জড়িত কৃষ্ণপ্রসাদ ভূমিজ, প্রফুল্ল বড়া, বিশ্বজিত কোঁৱৰ, সীমান্ত বৰুৱা, প্রদীপ কলিতা আৰু চিংকু বসুমতাৰীৰ দৰে প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰাৰ দাবী ভুক্তভোগীৰ।
আনহাতে ট্ৰেডিং এফ এক্সৰ মূল খলনায়ক জিতেন্দ্র সিং ডাহিয়া আৰু নৰেশ ডাহিয়াক এইপৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত ৰহস্যৰ গোন্ধ পাাইছে ভুক্তভোগীয়ে। ডিব্ৰুগড় সদৰ থানালৈ ট্ৰেডিং এফ এক্সৰ একাধিক বিনিয়োগকাৰী অহাৰ বিপৰীতে বিশাল ফুকনক ধন দিয়া এজনো বিনিয়োগকাৰী আৰক্ষী কিম্বা CBIৰ দলৰ কাষ নচপা ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ।
প্ৰশ্ন হয়, উটপক্ষীৰ দৰে বালিত মূৰ গুজি লুকাব খোজা বিশাল ফুকনৰ বিনিয়োগকাৰীৰ ধনৰ উৎসৰ তদন্ত কৰিবনে আৰক্ষী আৰু CBIৰ দলে। বিশাল ফুকনক বিনিয়োগৰ বাবে কোটি কোটি টকা দিয়া ধনীৰ দুলাললৈ চমন নিদিলেও CBIক দলে থানালৈ মতাই আনিলে ট্ৰেডিং এফ এক্সৰ একাউণ্ট থকা ব্যক্তিগত খণ্ডৰ বেংকৰ একাংশ বিষয়াক। পাছে বিশাল ফুকনক এৰি কেৱল ট্ৰেডিং এফ এক্সৰে জড়িত বেংক একাউণ্টত আৰক্ষীয়ে শেনচকু পৰা ঘটনায়ো সৃষ্টি কৰিছে ৰহস্যৰ। গুৱাহাটীত থকা CBIৰ বিশেষ আদালতত ৰুজু হোৱা ট্ৰেডিং কেলেংকাৰীৰ ৬টা গোচৰত নাম সাঙোৰ খোৱা ১৯জন অভিযুক্তক তদন্তৰ সুবিধাৰ বাবে শীঘ্ৰে অনা হ’ব গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ। অভিযুক্তৰ তালিকাত নাম নাথাকিলেও চুিম বৰা আৰু তাৰ্কিক বৰাকো ডিব্ৰুগড়ৰ পৰা আনিব পাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ।