দক্ষিণ কামৰূপৰ দখলা মাজপাৰাত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড। স্বামীয়ে দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে পত্নীক! শাহু আৰু পুত্ৰৰ সমুখতে দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰি হাতত দা লৈ বিজয়নগৰ আৰক্ষী চকীত উপস্থিত হয় অভিযুক্ত স্বামী কুশল ঠাকুৰীয়া। বৰ্তমান পলাশবাৰী আৰক্ষী থানালৈ লৈ অনা হৈছে স্বামী কুশল ঠাকুৰীয়াক। দক্ষিণ কামৰূপৰ দখলা মাজপাৰাত সংঘটিত হৈছে এই জঘন্য ঘটনা।
উল্লেখযোগ্য যে, মৃত মহিলাগৰাকী এটি সন্তানৰ মাতৃ। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, মাতাল স্বামীয়ে প্ৰায়েই অত্যাচাৰ চলাইছিল পত্নীৰ ওপৰত। অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব হত্যাৰ প্ৰকৃত কাৰণ। এই হত্যাকাণ্ডৰ লগত জড়়িত থকাৰ সন্দেহত মহিলাগৰাকীৰ শাহুৱেক অৰ্থাৎ অভিযুক্ত কুশল ঠাকুৰীয়াৰ মাতৃকো আৰক্ষীয়ে নিশাই আটক কৰিছে। হত্যাকাৰী কুশল ঠাকুৰীয়াই মাজপাৰা অঞ্চলটোত দীৰ্ঘদিন ধৰি হাই-কাজিয়াত লিপ্ত হৈ থকাৰো অভিযোগ উত্থাপিত হৈছে।