ঘাতকৰ ৰূপত ঘৰ-জোৱাঁই! সুৰাৰ ৰাগীত মাতাল ঘৰ-জোঁৱায়ে প্ৰাণ ল’লে খুলখালীৰ


 

ডিমৰীয়াৰ হঁহৰাত সংঘটিত হৈছে এটা নৃশংস হত্যাকাণ্ড। ভিনিয়িহেকৰ ছুৰীকাঘাতত প্ৰাণ গ’ল খুলশালীয়েকৰ। হত্যাকাণ্ডৰ বলি হোৱা লোকজন ধৰ্মেন্দ্ৰ মেধি। শনিবাৰে নিশা সামান্য কথাতে ভিনিহিয়েক আৰু খুলশালীয়েক বাদানুবাদত লিপ্ত হৈছিল। পৰৱৰ্তী সময়ত কথাৰ কটাকটি বৃদ্ধি হৈ পৰিস্থিতিয়ে পাইগৈ চৰম পৰ্যায়। ভিনিহিয়েক ডিম্বেশ্বৰ বণিয়াই ছুৰীৰে হানি-খুঁচি নৃশংসভাৱে হত্যা কৰে খুলশালীয়েক ধৰ্মেন্দ্ৰ মেধিক। ধৰ্মেন্দ্ৰ মেধিৰ ঘৰৰ চোতালতেই সংঘটিত হয় এই নাৰকীয় হত্যাকাণ্ড।

ব্যৱসায়সূত্ৰে ধৰ্মেন্দ্ৰ মেধিৰ ঘৰৰ চৌহদতে অন্য এটা কোঠালীত বাস কৰিছিল হত্যাত অভিযুক্ত ডিম্বেশ্বৰ বণিয়াই। নিশা দুই ভিনিহিয়েক-খুলশালীয়ক নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা একেলগে ঘৰলৈ আহি সামান্য কথাতে তৰ্কাতৰ্কিত লিপ্ত হৈ ভিনিহিয়েক ডিম্বেশ্বৰ বণিয়াই নৃশংসভাৱে ছুৰীৰে আক্ৰমণ কৰে খুলশালীয়েক ধৰ্মেন্দ্ৰ মেধিক।

ফলত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত ধৰ্মেন্দ্ৰক প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে মৃত্যু হয় তেওঁৰ। নিশাই ঘটনাস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হৈ হত্যাত অভিযুক্ত ডিম্বেশ্বৰ বণিয়াক আটক কৰে। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে সোণাপুৰ আৰক্ষীয়ে।

Post a Comment

Previous Post Next Post