PM Modi to attend BRICS Summit in Russia : পুনৰ বিদেশ ভ্ৰমণৰ বাবে সাজু হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী


 

পুনৰ বিদেশ ভ্ৰমণৰ বাবে সাজু হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাছিয়া ভ্ৰমণৰ বাবে সাজু হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। অহা ২২-২৩ অক্টোবৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিব ৰাছিয়া। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণক্ৰমে ষোড়শতম্ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব ৰাছিয়া ভ্ৰমণ। শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে মোদীৰ ৰুছ ভ্ৰমণৰ তথ্য সদৰী কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এক বিবৃতিযোগে ৰাছিয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিকছৰ সদস্য দেশসমূহৰ মুৰব্বী আৰু কাজানলৈ আমন্ত্ৰিত নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব পাৰে বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে ৰাছিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এইবাৰৰ ব্ৰিকছ সন্মিলন। এইবাৰৰ ব্ৰিকছ সন্মিলনৰ Theme হৈছে ‘গোলকীয় উন্নয়ন আৰু নিৰাপত্তাৰ বাবে বহুপক্ষীয়তাবাদ শক্তিশালী কৰা’। এই সন্মিলনে দেশসমূহৰ নেতাসকলক বিশ্বৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে বিবৃতিটোত উল্লেখ কৰে। সন্মিলনত সকলো সদস্য দেশৰ ৰাষ্ট্ৰপতিসকল উপস্থিত থাকিব।

ব্ৰিকছ সন্মিলনৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই সময়ত ৰাছিয়াত উপস্থিত থকা বহু দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিসকলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। এই সন্মিলনত ব্ৰিকছে গ্ৰহণ কৰা পদক্ষেপসমূহৰ অগ্ৰগতিৰ মূল্যায়ন কৰা হ’ব আৰু ভৱিষ্যতে সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ বাবেও মূল্যৱান সুযোগ প্ৰদান কৰা হ’ব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে দোহাৰে।

লক্ষ্যণীয়ভাৱে বিগত জুলাইতো প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ত ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বৈঠকতো মিলিত হৈছিল মোদী। উল্লেখযোগ্য যে আগন্তুক ব্ৰিকছ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙেও অংশ ল’ব। সন্মিলনৰ সময়তে চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তালাপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ২০২০ চনত গালৱান সমস্যাৰ পাছত প্ৰথমবাৰৰ বাবে মোডী-জিনপিঙৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

Post a Comment

Previous Post Next Post