দেশ কঁপাই যোৱা কলকাতাৰ আৰ জি কৰ কাণ্ডৰ প্ৰথমখন চাৰ্জশ্বীট দাখিল কৰিলে চিবিআয়ে। ৫৮ দিনৰ মূৰত চাৰ্জশ্বীট দাখিল কৰিলে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। সঞ্জয় ৰয়ক একমাত্ৰ অপকৰ্ম আৰু হত্যাৰ অভিযুক্ত হিচাপে উল্লেখ কৰিছে চিবিআয়ে। এই ঘটনাৰ প্ৰমাণ লুকুওৱাৰ তথ্যও থাকিব পাৰে চাৰ্জশ্বীটত।
চটিবিআয়ে চাৰ্জশ্বীটত দাবী কৰিছে, ২০০ জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে এই ঘটনাক লৈ। ২০০ পৃষ্ঠাৰ প্ৰথমখন চাৰ্জশ্বীট দাখিল কৰা হয় সোমবাৰে। বিগত ৮ আগষ্টত আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ছেমিনাৰ ৰুমত উদ্ধাৰ হৈছিল এগৰাকী যুৱতী চিকিৎসকৰ মৃতদেহ। প্ৰথমৰে পৰা ঘটনাৰ তদন্ত আৰম্ভ কৰে কলকাতা আৰক্ষীয়ে। পিছত ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইৰ হাতত অৰ্পণ কৰা হয়।
ইয়াৰ মাজতে একেটা গোচৰত তথ্য প্ৰমাণ লুপ্ত কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন হয় আৰ জি কৰ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ, টালা থানাৰ প্ৰাক্তন অ’চি অভিজিৎ মণ্ডলৰ বিৰুদ্ধে। এই দুজনকো পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰে চিবিআয়ে। তদন্তৰ দায়িত্ব লোৱাৰ ৫৮ দিন পিছত শিয়ালদহ ক’ৰ্টত চাৰ্জশ্বীট দাখিল কৰিলে চিবিআয়ে।
চিবিআইৰ দাবী, সঞ্জয় ৰয়েই মূলত এই জঘন্য ঘটনাৰ সৈতে জড়িত। তেওঁৰ সৈতে আন দুই অভিযুক্ত সন্দীপ ঘোষ আৰু অভিযিৎ মণ্ডলৰ কথাও চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে। এই দুজনে প্ৰমাণ লুপ্ত কৰাৰ সৈতে জড়িত বুলি ইংগিত দিছে চিবিআয়ে।