Nagaon News: সংখ্যালঘু নেতা আবুবক্কৰ ছিদ্দিকক গ্ৰেপ্তাৰ


 

সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যবাহী সভাপতি আবু বক্কৰ ছিদ্দিকক সোমবাৰে জুৰীয়াৰ পৰা কঁচুৱা আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে। কঁচুৱা আৰক্ষী থানাত NDPS ধাৰাত ৰুজু হৈ থকা ৭৩/২৪ নম্বৰ গোচৰত আবু বক্কৰ ছিদ্দিকক গ্ৰেপ্তাৰ কৰা হৈছে। নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি আজিৰ পৰা তিনি মাহ পূৰ্বে আব্দুল মালেক নামৰ এগৰাকী ব্যক্তিয়ে তেঁওৰ ভাতৃ আব্দুল জলিলৰ ঘৰত ড্ৰাগছ লুকুৱাই আৰক্ষীক খবৰ দিছিল। পিছত তদন্তত আব্দুল মালেকৰ ষড়যন্ত্ৰৰ বিষয়ে গম পোৱাৰ পিছত আৰক্ষীয়ে মালেকক গ্ৰেপ্তাৰ কৰি জেৰা কৰাত তেঁওক আবু বক্কৰ ছিদ্দিকে এই ড্ৰাগছখিনি যোগান ধৰাৰ কথা জানিবলৈ দিয়ে। মালেকৰ মতে ছিদ্দিকে এই ষড়যন্ত্ৰৰ বাবদ ৩ লাখ ৫০ হাজাৰ টকা লোৱা বুলিও আৰক্ষীক জনায় বুলি জানিবলৈ দিয়ে।


ইয়াৰ পিছতে কঁচুৱা আৰক্ষীয়ে ছিদ্দিকক গ্ৰেপ্তাৰ কৰাৰ কথা নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে জনায়। আনহাতে, আব্দুল মালেকৰ পত্নীৰ ভাষ্য অনুসৰি এই ষড়যন্ত্ৰৰ অন্তৰালত ছিদ্দিকৰ সৈতে এগৰাকী আৰক্ষী বিষয়াও জড়িত হৈ আছে। আব্দুল মালেকৰ পত্নীয়ে জনোৱা অনুসৰি নগাঁৱৰ নিদান হস্পিতালৰ সন্মুখত ছিদ্দিকে ১ লাখ ৫০ হাজাৰ টকা মূল্যৰ ড্ৰাগছ যোগান ধৰিছিল। নগাঁও আৰক্ষীয়ে ইতিমধ্যে ছিদ্দিকৰ স্ক’ৰপিঅ’ বাহন খনো জব্দ কৰিছে। ইপিনে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মতে উজনিলৈ মিঞা শ্ৰমিক সৰবৰাহ কৰাত বাধা দিয়াৰ বাবে সংগঠনটোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে আৰু তাৰেই অংশস্বৰূপে ছিদ্দিকক গ্ৰেপ্তাৰ কৰা হৈছে।



Post a Comment

Previous Post Next Post