MrJazsohanisharma

Assam Government: প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাজ্যৰ বিভিন্ন দুৰ্গা পূজা সমিতিলৈ ১০ হাজাৰ টকাৰ চেক প্ৰদান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ


 

ঋণ লৈ ৰাজ্য চলোৱাৰ কথা কৈ বিজেপিক বিৰোধীয়ে সমালোচনা কৰি থকাৰ সময়তে কামৰূপ জিলাৰ ৮৫ খন দূৰ্গা পূজা সমিতিক চৰকাৰৰ ফালৰ পৰা চেক প্ৰদান কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। কামৰূপৰ দদৰাত জিলা প্ৰশাসনৰ উদ্যোগত ভৃগু কুমাৰ ফুকন ৰাজহুৱা প্ৰেক্ষাগৃহত দুৰ্গা পূজা সমিতিলৈ চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়। ৮৫ খন দূৰ্গা পূজা সমিতিক চেক বিতৰণ কৰিয়েই বিৰোধীক তীব্ৰ সমালোচনা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। পাটোৱাৰীৰ মন্তব্য ‘বিৰোধীয়ে কি কৈছে সেয়া আমাৰ জানিবৰ দৰকাৰ নাই, আমাৰ চৰকাৰৰ হাতত টকা আছে যাৰবাবে আমি অনুদান দিছো। ঋণৰ ধনেৰে ৰাজ্য চলোৱা বুলি বিৰোধীয়ে কৰা সমালোচনা যুক্তিহীন।’


উল্লেখ্য যে ৰাজ্যৰ চৌদিশে এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ। ইয়াৰ মাজতে দুৰ্গা পূজা সমিতিসমূহলৈ চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে বিশেষ সাহায্য। চৰকাৰী সাহায্য হিচাপে ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেই অনুসৰি ৰাজ্যৰ বিভিন্ন পূজা সমিতিসমূহক প্ৰদান কৰা হৈছে ১০ হাজাৰ টকাৰ চেক।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বজালী বিধানসভাৰ অন্তৰ্গত ৯ খন দুৰ্গাপূজা সমিতিলৈ ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বজালী আয়ুক্তৰ কাৰ্যালয়ত ৯ খন দুৰ্গাপূজা সমিতিৰ কাৰ্যকৰ্তাক চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে বিৰোধীয়ে ৰাজ্য চৰকাৰৰ শেহতীয়া অৰ্থনৈতিক অৱস্থাক লৈ সমালোচনা কৰি থকাৰ সময়তে কংগ্ৰেছক সমালোচনা কৰি ৰঞ্জিত কুমাৰ দাসে কয় ‘হিমন্ত বিশ্ব শৰ্মাৰ মুখ চাই ধাৰ দিয়া নাই, জিডিপি চাই হে ধাৰ দিছে। কংগ্ৰেছে দেখোন চৰকাৰী কৰ্মচাৰী সকলক দৰমহা দিব পৰা নাছিল।’


উল্লেখ্য যে ইয়াৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ১৪ লাখ টকা ব্যয় সাপেক্ষে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা ১৭০ গৰাকী ৰোগীৰ মাজত চেক বিতৰণ কৰে।  ইফালে ধেমাজিত ৰাজ্যৰ বিত্তীয় অৱস্থা শোচনীয় বুলি কৈ পুনৰ মুখ্যমন্ত্ৰীক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈ ৰাইজক আভুৱা ভাৰিছে বুলি কটাক্ষ ভূপেন বৰাৰ। ইফালে হিমন্ত বিশ্ব শৰ্মাই হাৰিয়ানা আৰু ঝাৰখণ্ডৰ যিকেইটা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছে আটাইকেইটা সমষ্টিতে বিজেপি প্ৰাৰ্থী হাৰিব বুলি মন্তব্য ভূপেন বৰাৰ।

Post a Comment

Previous Post Next Post