Assam Government: ধন নাই চৰকাৰৰ ৰাজকোষত! ঘূৰাই বিচাৰিলে আঁচনিৰ ধন, আৰ্থিক সংকটত অসম চৰকাৰ!



 ভয়ংকৰ আৰ্থিক সমস্যাত পৰিছে অসম চৰকাৰ। ৰাজকোষত এটকাও ধন জমা নথকাত এতিয়া সমস্যাত পৰিছে চৰকাৰ। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া অন্য বিভাগত জমা থকা ধনসমূহ ঘূৰাই দিবলৈ নিৰ্দেশ দিবলগীয়া হৈছে চৰকাৰে। ৰাজ্যৰ উন্নয়নৰ বাবে মোকোলাই দিয়া ধনো ঘূৰাই বিচাৰিছে বিভিন্ন বিভাগসমূহৰ পৰা। কেৱল ইমানেই নহয় প্ৰতিটো বিভাগত জমা হৈ থকা ধনৰ সুত পৰ্যন্ত ঘূৰাই দিয়াৰ আদেশ জাৰি কৰিছে চৰকাৰে। শিশুৰ মুখৰ ভাত কাঢ়ি ৰাজকোষ টনকিয়াল কৰাৰ বাবে বিচাৰিলে মধ্যাহ্ন ভোজনৰ পূঁজিও। আজিৰ তাৰিখত চৰকাৰৰ ঘৰত নাই এটকাও। ভয়ংকৰ আৰ্থিক সংকটত পৰা অসম চৰকাৰে শেষ ভৰসা হিচাপে ঋণৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে।


ইতিমধ্যে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ ৰাজ্য চলোৱা চৰকাৰৰ মূৰত বৃদ্ধি পাইছে ঋণক বোজাও। উপায়হীন হৈ এতিয়া চৰকাৰে পৰিস্থিতি জোৰা মাৰিবলৈ বিভিন্ন আঁচনিৰ বিপৰীতে থকা বিভাগসমূহৰ পূঁজি ঘুৰাই দিবলৈ আহ্বান জনাইছে বিত্ত বিভাগে। অসম চৰকাৰৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰে প্ৰকাশ কৰা এক নিৰ্দেশনাৰ পাছতে এই কথা পোহৰলৈ আহিছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি কোষাগাৰ বিধি ২০১৭ৰ নিয়ম ৭৭ অনুসৰি চৰকাৰে মুকলি কৰি দিয়া পূঁজি অযথা কোনো বেংক একাউণ্টত জমা থাকিব নোৱাৰিব। ব্যয় নোহোৱাকৈ থকা মূল পূঁজি আৰু জমা হৈ থকা পূঁজিৰ পৰা লাভ কৰা সূদপৰ্যন্ত ৰাজকোষত জমা দিবলৈ কঠোৰ নিৰ্দেশ দিছে চৰকাৰে। ঋণত পোত গৈ থকা চৰকাৰৰ বৰ্তমান ঋণৰ পৰিমাণ হৈছেগৈ ১লাখ ৫৬হাজাৰ কোটি টকা।

CAG-এ দিয়া প্ৰতিবেদন অনুসৰি অসম চৰকাৰে ইতিমধ্যে ঋণৰ বোজাৰ বহন ক্ষমতা হেৰুৱাই পেলোৱা বুলি উল্লেখ কৰিছে। উপায়হীন হৈ বিত্তীয় ঘাটিৰ জোৰা মাৰিবলৈ অসম চৰকাৰে বিভিন্ন আঁচনিৰ বিপৰীতে বিভিন্ন বিভাগক মুকলি কৰি দিয়া ধন ওভতাই বিচাৰিবলগীয়া পৰিস্থিতি হৈছেগৈ। শেহতীয়াকৈ বিত্ত বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি পুঁজিৰ আৰ্জি বিত্ত বিভাগক দিহে ধন মোকলাই নিব লাগে। সেয়ে বিত্ত বিভাগে বিভিন্ন প্রশাসনিক বিভাগ, বিভাগীয় মুৰব্বী, জিলা আয়ুক্ত, নিগম, ব’ৰ্ড আদিৰ লগতে ৰাজ্য চৰকাৰৰ পুঁজি লাভ কৰা যিকোনো সংস্থাক এছ অ’পি ডি, ট্রেনজেকচন গেৰাণ্টি প্রশাসনিক ব্যৱস্থাপন ব্যয়ৰ শিতানত নিজ নিজ বেংক একাউণ্টত জমা হৈ থকা অব্যহৃত পুঁজি শীঘ্ৰে ৰাজ্যিক কোষাগাৰৰ জৰিয়তে ৰাজকোষত জমা দিবলৈ বিত্ত বিভাগে সংশ্লিষ্ট সকলো বিভাগক নির্দেশ জাৰি কৰিছে।

Post a Comment

Previous Post Next Post