Dibrugarh News: ডিব্ৰুগড়ৰ বাণীপুৰত নৃশংস হত‍্যাকাণ্ড! নিজ বাসগৃহতে পুত্ৰ শংকৰজ‍্যোতি গগৈয়ে ডিঙি চেপি হত্যা কৰিলে মাতৃক


 

ডিব্ৰুগড়ৰ বাণীপুৰত সংঘটিত হৈছে এক নৃশংস হত‍্যাকাণ্ড। ঘৰৰ ভিতৰতেই নিজ মাতৃক হত্যা কৰাৰ অভিযোগ পুত্ৰৰ বিৰুদ্ধে। হত‍্যাকাণ্ডত অভিযুক্ত পুত্ৰৰ নাম শংকৰজ‍্যোতি গগৈ। ডিব্ৰুগড়ৰ বাণীপুৰস্থিত ১১ নং বাইলেনত শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা। নিজ বাসগৃহৰ ভিতৰতেই মাতৃক ডিঙি চেপি হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ লগতে স্থানীয় ৰাইজৰ। মৃত মহিলাগৰাকীৰ নাম পূৰ্ণিমা গগৈ বুলি জানিব পৰা গৈছে। ঘটনাৰ পাছতে নিশাই গাভৰুপথাৰ থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ কৰি তদন্ত অব‍্যাহত ৰাখিছে।

Post a Comment

Previous Post Next Post