Biswajit Daimary Letter to CM: ৰাজ্য চৰকাৰৰ এটা বিভাগৰ সংবিধান উলংঘন!



 ৰাজ্য চৰকাৰৰ এটা বিভাগে সংবিধান উলংঘন কৰিছে। সংবিধানৰ ষষ্ঠ অনুসূচী উলংঘন তথা সংবিধান পৰিপন্থী কাম কৰিছে ৰাজ্য স্বয়ং ৰাজ্য চৰকাৰৰে এটা বিভাগে। মন্ত্ৰী ৰণজিত দাস নেতৃত্বাধীন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিৰুদ্ধে সংবিধান উলংঘন কৰাৰ অভিযোগ আনিছে। ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বিভাগৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি বিধান সভাৰ অধ্যক্ষগৰাকীয়ে এখন পত্ৰও প্ৰেৰণ কৰিছে।

বিশ্বজিৎ দৈমাৰীয়ে অনা অভিযোগ অনুসৰি BTCত থকা পুৰণি জিলা পৰ্যায়ৰ কমিটিৰ সমান্তৰালকৈ মন্ত্ৰী ৰণজিত দাস নেতৃত্বধীন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নতুনকৈ জিলা পৰ্যায়ৰ উন্নয়ন খণ্ড গঠন কৰিছে। বিভাগটোৰ এই কামে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত বিটিচিৰ সাংবিধানিক অধিকাৰ তথা সংবিধান উলংঘা কৰিছে। বিশ্বজিৎ দৈমাৰীয়ে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰা অনুসৰি বিটিচি সংবিধান সংশোধনৰ জড়িয়তে গঠন কৰা হৈছিল।

BTC সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত তথা সংবিধান অনুসৰিয়ে স্বায়ত্ত শাসনৰ অধীনত থকা অঞ্চল। আৰু সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰিয়ে ৰাজ্য চৰকাৰে সকলো বিষয় বিটিচিলৈ হস্তান্তৰিত কৰিছে। বিটিচিৰ বিধায়িনী, নীতি নিৰ্ধাৰণ ক্ষমতা আছে। সেই অনুসৰিয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়নো বিটিচি কৰ্তৃপক্ষলৈ হস্তান্তৰিত কৰা হৈছে। সেয়ে ৰাজ্য চৰকাৰৰ অধীনত থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে বিটিচিত জিলা পৰ্যায়ৰ উন্নয়ন খণ্ড গঠন কৰাটো সংবিধান উলংঘন তথা বিটিচি গঠনৰ উদ্দেশ্যৰ পৰিপন্থী।


বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে এই বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ আহ্বান জনাইছে। লগতে BTCক উন্নয়ন খণ্ড পুনৰ গঠন প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ অনুমতি দিবলৈও আহ্বান জনাইছে। লগতে বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে, বিটিচিক উন্নয়ন খণ্ড পুনৰ গঠন কৰিবলৈ দিয়াৰ বাবে ২০০৩ চনৰ হোৱা বড়ো চুক্তিৰ পাছত বিটিচি অঞ্চলত শান্তি ঘূৰি অহাৰ কথা উল্লেখ কৰি BTC অঞ্চলৰ আবেগৰ প্ৰতি লক্ষ্য ৰাখিবলৈও আহ্বান জনায়। ৰাজ্য চৰকাৰৰ এটা বিভাগৰ বিৰুদ্ধেই বিধান সভাৰ অধ্যক্ষ গৰাকীৰ এই অভিযোগে বিশেষ তাৎপৰ্য বহন কৰিছে।

Post a Comment

Previous Post Next Post