জয়ছ-ঈ-মহম্মদৰ অসম কানেকচন। লিংক মেন শ্বেখ চুলতান চালাউদ্দিন আয়ুবী। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ টুকুৰাত CSP চেণ্টাৰ খুলি কোটি কোটি টকাৰ লেনদেন কৰিছিল শ্বেখ চুলতান চালাউদ্দিন আয়ুবীয়ে। প্ৰাৰম্ভিক তদন্তত জয়ছ ঈ মহম্মদে CSP ৰ মাধ্যমেৰে আয়ুবিলৈ ১৪ কোটি টকা দিয়াৰ তথ্য লাভ কৰিছে NIA ৰ দলে।আয়ুবীৰ CSP কেন্দ্ৰৰো গতি প্ৰকৃতি আছিল আন CSP ত কৈ সুকীয়া। আয়ুবীৰ CSP কেন্দ্ৰত একাউণ্ট খোলা নাছিল স্থানীয় লোকে। আন ঠাইৰ বহু লোকৰ নামত খোলা একাউণ্টলৈ ধন পঠাইছিল জয়ছ ঈ মহম্মদে। যি ধনেৰে অসম আৰু মেঘালয়ত জেহাদৰ পাঠ দিছিল শ্বেখ চুলতান চালাউদ্দিন আয়ুবীয়ে। বেংক একাউণ্টত প্ৰেৰণ কৰা ধন সামান্য কমিচনৰ বিনিময়ত একাউণ্টধাৰীৰ পৰা ওভটাই লৈছিল আয়ুবিয়ে।
বছৰ বছৰ ধৰি জয়ছ ঈ মহম্মদৰ ধনৰ লেনদেন কৰা আয়ুবীয়ে মাত্ৰ কিছু বছৰ পূৰ্বে জলেশ্বৰৰ সোণাৰীৰ পৰা আহি ঘৰ সাজিছিল কৃষ্ণাইৰ টুকুৰাত। কিন্তু টুকুৰাৰ স্থানীয় লোকৰ সৈতে বিশেষ যোগাযোগ নাছিল আয়ুবীৰ। ঘৰ আৰু টুকুৰাৰ দোকানখনক লৈয়ে দিনৰ দিনটো ব্যস্ত হৈ থাকিছিল আয়ুবী। দোকানত থকা কম্পিউটাৰৰ সন্মুখতে পাৰ কৰিছিল দিনটোৰ বেছিভাগ সময়। জীৱন প্ৰণালী আছিল তেনেই সাধাৰণ। ঘৰ দুৱাৰতো নাই আভিজাত্যৰ চাপ। অলৈ তলৈ যাবলৈ এখন চাইকেলেৰেই কাম চলাই দিছিল শ্বেখ চুলতান চালাউদ্দিন আয়ুবীয়ে। কেইবাবাৰো আয়ুবীয়ে জম্মু-কাশ্মীৰ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰাৰ তথ্যও লাভ কৰিছে NIA ৰ দলে।
বহিঃৰাজ্যত জয়ছ ঈ মহম্মদৰ শীৰ্ষ নেতৃত্বৰ পৰা লোৱা জেহাদৰ দীক্ষা উত্তৰ পূৱত বিলাই দিয়াৰ মূল দায়িত্বত আছিল আয়ুবী। দেশৰ বিভিন্ন ঠাইত বোমা বিস্ফোৰণৰ পৰিকল্পনা ৰচাৰ কথাও পোহৰলৈ আহিছে NIA ৰ তদন্তত। ফেচবুক আৰু ইউটিউবতো সক্ৰিয় আছিল আয়ুবী। সামাজিক মাধ্যমত আৰৱী ভাষাত সঘনাই পোষ্ট দি বহুজনক জেহাদৰ প্ৰতি আকৰ্ষিত কৰাৰ সন্দেহ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ। চুবুৰীয়াৰ সৈতে বিশেষ সম্পৰ্ক নৰখা আয়ুবীয়ে সুবিধা পালেই অংশ লৈছিল বদৰুদ্দিন আজমলৰ সভাত। জঈছ ঈ মহম্মদৰ সৈতে ধনৰ লেনদেন কৰা শ্বেখ চুলতান চালাউদ্দিন আয়ুবিৰ ওপৰত দীৰ্ঘদিনে চোকা নজৰ ৰাখিছিল ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই।