বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়। ছাবেদ আলী, ময়নাল হক আৰু আছিৰ উদ্দিনৰ হত্যাকাৰীৰ ১৩জন দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে আদালতে। সুদীৰ্ঘ ২৮ বছৰ পিছত ন্যায় পালে হত্যাৰ বলি হোৱা পৰিয়ালৰ লোকে।
উল্লেখযোগ্য যে বিলাসীপাৰা থানাৰ ভোৱালকামুৰি প্ৰথম খণ্ড গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি ১৯৯৬ চনত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। ছাবেদ আলী, ময়নাল হক আৰু আছিৰ উদ্দিনক নৃশংসভাৱে হত্যা কৰাৰ লগতে ৯জন লোকক গুৰুতৰ ভাবে আহত কৰিছিল।
পূৰ্ব পৰিকল্পিতভাৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনা সন্দৰ্ভত বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে ১৯০/৯৬ নম্বৰত গোচৰ ৰজু কৰিছিল। বিলাসীপাৰা মহকুমা আদালতত ছেচন কেচ নম্বৰ ১০৮/২০০১ মতে ন্যায়াধীশে শুনানি গ্ৰহণ কৰি আজি চূড়ান্ত ৰায় প্ৰদান কৰে।