উৎসৱৰ আনন্দৰ মাজতে দেশবাসীলৈ দুখবৰ। উদ্যোগজগতৰ মহীৰূহ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান। ৮৬ বছৰ বয়সত মুম্বাইৰ মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ৰতন টাটাই। বিশিষ্ট উদ্যোগপতিগৰাকীৰ বিয়োগত ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা অসমৰ মুখ্যমন্ত্ৰীকে দেশ-বিদেশৰ বহুজনে শোক প্ৰকাশ কৰে।
ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে।
ভাৰতৰ উদ্যোগ জগতৰ মহীৰূহ ৰতন টাটাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।ৰতন টাটাৰ বিয়োগত মুকেশ আম্বানীৰ শোক প্ৰকাশ। ‘‘টাটাৰ মৃত্যুৰ দিনটো ভাৰতবাসীৰ বাবে অতি দুখৰ দিন। ৰতন টাটাৰ বিয়োগ কেৱল টাটা গ্ৰুপৰে ক্ষতি নহয়, প্ৰতিজন ভাৰতীয়ৰে বৃহৎ ক্ষতি। ৰতন টাটা আছিল এজন দূৰদৰ্শী উদ্যোগপতি, মহান দানবীৰ।’’
ৰতন টাটাৰ বিয়োগত শোক প্ৰকাশ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। সামাজিক মাধ্যমযোগে শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। ‘‘অসমৰ মানুহে এজন ডাঙৰ সুহৃদক হেৰুৱালে। টাটাই অসমৰ জনসাধাৰণৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছিল।’’