বুধবাৰে ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাই। অগাধ ধন-সম্পত্তিৰ গৰাকী হৈও এইগৰাকী মহান ব্যক্তিয়ে কিন্তু গোটেই জীৱন অবিবাহিত হৈ থাকিল। ব্যৱসায় আৰু পৰোপকাৰৰ জগতখনত তেওঁৰ বিশাল আধিপত্য থকা টাটাই প্ৰায়ে তেওঁৰ জীৱনৰ ব্যক্তিগত দিশসমূহৰ বিষয়ে মুকলিকৈ কৈছিল, য’ত পত্নী বা পৰিয়াল নথকাৰ কথাও অন্তৰ্ভুক্ত উল্লেখ কৰিছিল। ‘ৰেণ্ডেজভাছ উইথ ছিমি গেৰেৱাল’ত ছিমি গেৰেৱালৰ সৈতে হোৱা কথা-বতৰাত তেওঁ প্ৰকাশ কৰিছিল তেওঁৰ নিসংগতাৰ মুহূৰ্তৰ কথা।
টাটাই স্বীকাৰ কৰে, ‘‘বহু সময়ত পত্নী বা পৰিয়াল নথকাৰ বাবে মই অকলশৰীয়া অনুভৱ কৰো, আৰু কেতিয়াবা ইয়াৰ বাবে হাহাকাৰ কৰো।’’ তেওঁ কৈছিল যে আন কাৰোবাৰ চিন্তাই তেওঁৰ ওপৰত বোজা নপৰা স্বাধীনতা উপভোগ কৰিলেও, কিছুমান মুহূৰ্তও নিসংগতাই আৱৰি ধৰা অনুভৱ কৰিছিল। তেওঁ স্পষ্টকৈ কৈছিল, কেতিয়াবা কেতিয়াবা মোৰ আন কাৰোবাৰ অনুভৱ বা চিন্তাৰ কথা চিন্তা নকৰাৰ স্বাধীনতা পছন্দ কৰো। কেতিয়াবা ই অকলশৰীয়া অনুভৱ কৰায়।
ছিমিয়ে যেতিয়া তেওঁক সুধিলে যে বিয়া পতাত কোনে বাধা দিলে, টাটাই ইয়াৰ বহুকেইটা কাৰণ উল্লেখ কৰে। য’ত আছিল সময় আৰু কামৰ প্ৰতি তেওঁৰ গভীৰ মনোনিৱেশ। তেওঁ কয়, “সময়, সেই সময়ত মোৰ কামত মগ্ন হোৱা আদি বহু কথাই মোক বিয়া পাতিবলৈ বাধা দিলে। মই কেইবাবাৰো বিয়া পাতিবলৈ লৈছিলো, কিন্তু সম্ভৱ নহ’ল।’’
কাকতলীয়াভাৱে ছিমি গৰেৱালে নিজেই এবাৰ ৰতন টাটাৰ লগত ডেটিং কৰিছিল, আৰু সেই সম্পৰ্কৰ স্মৃতি ভাল লাগিছিল। তেওঁৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰা এটা বৰ্ণনাত তেওঁ লিখিছে, “ৰতন টাটা মোৰ মুম্বাইৰ প্ৰথম বন্ধু আছিল। আমি দুয়ো বিদেশৰ পৰা উভতিছিলো। দশকৰ সফলতাৰ পিছতো ৰতন টাটাৰ বিনম্ৰতা আৰু সততা কম নহ’ল।’’
ছিমিয়ে পুনৰ কয়,, “খ্যাতিৰ চমকৰ পৰা সদায় দূৰত থকা এনে এজন ব্যক্তি ৰেণ্ডেজভাছত মোৰ প্ৰথম অতিথি হোৱাটো ৰতনৰ উদাৰতা আছিল। তেওঁৰ সৰলতা দেখি মোৰ টীম আচৰিত হৈ পৰিছিল। মোৰ মনত আছে, যোৱাৰ আগতে তেওঁ প্ৰত্যেকৰ সৈতে হাত মিলাইছিল – নিজৰ মাৰুতিত!”
একেটা খণ্ডতে ৰতন টাটাই মানুহৰ এই ধাৰণাটোৰ ওপৰতো মন্তব্য কৰে যে তেওঁ ‘একান্তপ্ৰিয়’। তেওঁ কয়, ‘‘মই ভাবো মই ইয়াৰ দ্বাৰা প্ৰভাৱিত। এয়া এইবাবেই যে আপুনি সমগ্ৰ দিনটো কাৰ্যালয়ত থাকে, বহু লোকৰ সৈতে কথা-বতৰা হয়, বহু ফোন কল আছে আৰু ইয়াৰ পৰা বিদায় লোৱাৰ পিছত কিছু শান্তি অনুভৱ হয়। আপোনাৰ হয়তো মনত আছে, যেতিয়া আমি বহু বছৰৰ আগতে লগ পাইছিলো, সাগৰৰ পাৰত খোজ কঢ়া ইত্যাদি মোৰ ভাল লগা কাম আছিল। এতিয়াও ভাল লাগে। আৰু সেই নিসংগতাত কিবা এটা আছে। বহুত চিন্তা কৰা হয়, আৰু এই প্ৰক্ৰিয়াত বহু শান্তিও থাকে।’