২০২৪ৰ সাহিত্যৰ ন’বেল বঁটা ঘোষণা কৰা হৈছে। দক্ষিণ কোৰিয়াৰ হেন কাঙ (Han Kang)লৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা। বৃহস্পতিবাৰে ৰয়েল চুইডিছ একাডেমী অব্ চাইন্সেছে সদৰী কৰে এই তথ্য। হেন কাঙৰ অনবদ্য কাব্যিক গদ্যৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চুইডিছ একাডেমীয়ে। মানৱ জীৱনৰ ভংগুৰতাক উন্মোচন কৰা কাব্যিক গদ্য হেন কাঙৰ ৰচনাশৈলীৰ অন্যতম বৈশিষ্ট্য।
হেন কাঙৰ জন্ম হৈছিল ১৯৭০ চনত দক্ষিণ কোৰিয়াৰ গোৱাংজুত। তেওঁ পৰিয়ালৰ পৰাই লাভ কৰিছিল সাহিত্য সৃষ্টিৰ অমল অনুপ্ৰেৰণা। তেওঁৰ পিতৃ এগৰাকী প্ৰতিষ্ঠিত ঔপন্যাসিক। ১৯৯৩ চনত ‘Winter in Seoul’, in the winter issue of Munhak-gwa-sahoe (Literature and Society)ত পাঁচটা কবিতা প্ৰকাশ কৰি কবি হিচাপে আত্মপ্ৰকাশ কৰে। সেয়াই আছিল সাহিত্যৰ সুবিশাল ক্ষেত্ৰখনত তেওঁৰ প্ৰথমটো খোজ।
১৯৯৩ চনত ‘Literature and Society’ শীৰ্ষক আলোচনীত কেইবাটাও কবিতা প্ৰকাশৰ জৰিয়তে কবি হিচাপে আত্মপ্ৰকাশ কৰা হেন কাঙৰ চুটিগল্প সংকলন ‘Love of Yeosu’ প্ৰকাশ পাই ১৯৯৫ চনত। অৱশ্যে, হেন কাঙে বিশ্বজুৰি খ্যাতি-প্ৰসিদ্ধি লাভ কৰে তেওঁৰ ‘The Vegetarian’ শীৰ্ষক উপন্যাসখনৰ জৰিয়তে। বহুপঠিত এই উপন্যাসখন প্ৰকাশ পাইছিল ২০০৭ চনত।
বৃহস্পতিবাৰে বঁটা ঘোষণা কৰি ন’বেল কমিটিৰ অধ্যক্ষ এণ্ডাৰ্ছ অ’লছনে এক বিবৃতিত কয়, ‘শৰীৰ আৰু আত্মা, জীৱিত আৰু মৃতসকলৰ মাজৰ সম্পৰ্কৰ বিষয়ে হেন কাঙৰ গদ্যত আছে অনন্য সজাগতা। তেওঁৰ কাব্যিক আৰু পৰীক্ষামূলক শৈলী হৈ পৰিছে সমসাময়িক গদ্যৰ উদ্ভাৱক।’