অৱশেষত আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি ল’লে শংকৰজ্যোতি বৰুৱাই। গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে প্ৰেম-প্ৰতাৰণাজনিত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল আছুৰ সাধাৰণ সম্পাদকগৰাকীৰ বিৰুদ্ধে। শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ছাত্ৰীগৰাকীয়ে দিছপুৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ, ৰুজু হৈছিল গোচৰ। পৰৱৰ্তী সময়ত শংকৰজ্যোতি বৰুৱাই স্বীকাৰ কৰিছিল উত্থাপিত অভিযোগ।
শংকৰজ্যোতি বৰুৱাই কৈছিল, ‘আচলতে সকলো মানুহে প্ৰেম কৰে, প্ৰেম ভালকৈ চলি থকাৰ সময়ত যিখিনি কথা-বতৰা হয় সেই গোটেইখিনি কথা মই স্বীকাৰ কৰিছোঁ। পৰৱৰ্তী সময়ত যিখিনি কথা-বতৰা আহিছে, প্ৰেমত সংঘাত আহিব পাৰে, প্ৰেম বিশ্বাসৰ ওপৰত চলে। প্ৰেমৰ মধুৰ সম্পৰ্ক প্ৰেম কৰা মানুহে জানে। মই গোটেইখিনি কথা কৈ থাকিব বিচৰা নাই। আদালতৰ মজিয়াত মোৰ ক’বলগা কথাবোৰ ক’ম।’
তেওঁ লগতে কৈছিল, ‘মোৰ বিৰুদ্ধে অভিযোগ আহিছে, অভিযোগ অহাৰ পাছতে ক’ৰ্টলৈ মই অভিযোগ খণ্ডনৰ বাবে গৈছোঁ। মোক অগ্ৰিম জামিন দিছে। গোটেই প্ৰক্ৰিয়াটো আদালতৰ জৰিয়তে আগবাঢ়ি যাব। যি দোষী সি আচলতে শাস্তি পাব। মোৰ যিখিনি ক’বলগীয়া আছে, মই কৈ আছোঁ। মোৰ বিৰুদ্ধে যিবোৰ ব্যক্তিগত কথা কৈ দিয়া হৈছে, (কিন্তু) ব্যক্তিগত কথা সামাজিক মাধ্যমত কৈ দিয়াৰ মানসিকতা মোৰ নাই। সেই মানসিকতাৰ পৰিচয় মই নিদিওঁ। মোৰ যিখিনি কথাক’ব লগা আছে মই ন্যায়ালয়ত ক’ম। ন্যায়ালয়ে উচিত বিচাৰ দিব।’