বাঁওপন্থী ৰাজনীতিৰ এটা যুগৰ অৱসান। প্ৰবীণ নেতা সীতাৰাম য়েচুৰীৰ জীৱনাৱসান। ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে। দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছিল চিপিআই(এম)ৰ (CPIM) সাধাৰণ সম্পাদকগৰাকী। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত বৃহস্পতিবাৰে মৃত্যু হয় বাঁওপন্থী ৰাজনীতিৰ মহীৰুহগৰাকীৰ। নিউমোনিয়াসদৃশ বুকুৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে য়েচুৰীক (Sitaram Yechury) ১৯ আগষ্টত এইমছত ভৰ্তি কৰোৱা হৈছিল। এইমছৰ আইচিইউ শ্বাসনলীৰ সংক্ৰমণৰ বাবে চিকিৎসাধীন হৈ আছিল সীতাৰাম য়েচুৰী।
১৯৫২ চনৰ ১২ আগষ্টত চেন্নাইত জন্মগ্ৰহণ কৰা য়েচুৰীয়ে স্নাতক পৰ্যায়ত দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (JNU) পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। দেশৰ বাঁওপন্থী ৰাজনীতিক নতুন গতি দিবলৈ সক্ষম হোৱা এইগৰাকী প্ৰবীণ নেতাৰ মৃত্যুত (Sitaram Yechury Death) দেশৰ ৰাজনৈতিক ক্ষেত্ৰত পৰিছে শোকৰ ছাঁ।
পিডিপিৰ মুৰব্বী মেহবুবা মুফতীয়ে য়েচুৰীৰ বিয়োগত শোকপ্ৰকাশ কৰিছে। এক শোকবাৰ্তাত তেওঁ প্ৰয়াত য়েচুৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ লোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।য়েচুৰীৰ মৃত্যুত শোক প্ৰকাশ কৰি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে (Jairam Ramesh) কয় যে আমাৰ সম্পৰ্ক তিনি দশকধৰি অটুত আছিল আৰু আমি বিভিন্ন সময়ত ঘনিষ্ঠভাৱে সহযোগিতা কৰিছিলোঁ। ৰাজনৈতিক ক্ষেত্ৰত তেওঁ তেওঁৰ বিশ্বাসৰ শক্তি আৰু আটাইতকৈ আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে প্ৰশংসিত হৈছিল।