APSC Scam: আৰক্ষীয়ে নোৱাৰিলে, অভিযুক্ত হিচাপে আইনৰ আওতালৈ আনিলে বিশেষ ন্যায়াধীশৰ আদালতে


 

APSC কেলেংকাৰীৰ ৯জনৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰিলে বিশেষ ন্যায়াধীশৰ আদালতে। অভিযোগ গ্ৰহণ কৰে অভিযোগনামাত নাম নথকা ৯জন বিষয়াৰ বিৰুদ্ধে। অভিযোগ গ্ৰহণ কৰা বিষয়া কেইজন-

  • নৱনীতা শৰ্মা, এপিএছ
  • নন্দিতা হাজৰিকা, এচিএছ
  • অসীমা কলিতা, এপিএছ
  • ত্ৰিদীপ ৰয়, এচিএছ
  • অমৃত ৰাজ চৌধুৰী, এচিএছ
  • জগদীশ ব্ৰহ্ম, এচিএছ
  • বিক্ৰম আদিত্য বৰা, এচিএছ
  • ঋতুৰাজ দলে, এপিএছ
  • স্বৰূপ কুমাৰ ভট্টাচাৰ্য

এই ৯জনৰ ভিতৰত স্বৰূপ কুমাৰ ভট্টাচাৰ্যই এপিএছৰ প্ৰথম স্থান লাভ কৰিছিল। কিন্তু ধৰা পৰাৰ ভয়ত সেই সময়ত চাকৰিত যোগদান নকৰিলে স্বৰূপ কুমাৰ ভট্টাচাৰ্যই। কিন্তু বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ আছে স্বৰূপ কুমাৰ ভট্টাচাৰ্যৰ বাছনি প্ৰক্ৰিয়াত থকা খেলিমেলিৰ কথা।


অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা প্ৰতিবেদনৰ অভিযুক্ত-
২০১৩ আৰু ২০১৪ বৰ্ষৰ APSC কেলেংকাৰীৰ তদন্ত কৰি ৩৯জন ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে অনিয়ম আৰু খেলিমেলিৰ তথ্য লাভ কৰিছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে। তাৰ আধাৰত গঠন কৰা প্ৰতীক থুবে নেতৃত্বাধীন SITএ মাথোঁ ৫ গৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰিয়েই তদন্ত সামৰিছিল। থুবে নেতৃত্বাধীন SITএ এই ৫ গৰাকী বিষয়াৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বীট দাখিল কৰিছিল। সেই বিষয়াকেইগৰাকী হ’ল সুকন্যা দাস, ৱাহিদা বেগম, ৰাকেশ দাস, ঐশ্বৰ্য জীৱন বৰুৱা, শ্বাহজাহান সৰকাৰ।

বিশেষ ন্যায়াধীশৰ আদালতৰ নিৰ্দেশ-
বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন আয়োগে খেলিমেলি তথ্য লাভ কৰা ৩৯ জন ৰাজপত্ৰিত বিষয়াৰ ভিতৰত মাথোঁ ৫ গৰাকীৰ বিৰুদ্ধেহে চাৰ্জশ্বীট দাখিল কৰাত ক্ষুব্ধ হৈ পৰিছিল বিশেষ ন্যায়াধীশৰ আদালত। তদানীন্তন বিশেষ ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতে তদন্ত প্ৰক্ৰিয়াত খেলিমেলি পাই SITৰ তদন্তকাৰী বিষয়াৰ দায়িত্বৰ পৰা আঁতৰাই দিয়ে প্ৰতীক থুবেক। তাৰ পৰিৱৰ্তে DSP উপেন কলিতাক SITৰ দায়িত্বভাৰ অৰ্পণ কৰে।

উপেন কলিতা নেতৃত্বাধীন SITৰ চাৰ্জশ্বীট-
SITৰ দায়িত্বভাৰ লাভ কৰা উপেন কলিতা নেতৃত্বাধীন আয়োগে ২৩জন ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতত চাৰ্জশ্বীট দাখিল কৰে। এই ২৩জনৰ ভিতৰত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম নাছিল ARS বিকাশ শৰ্মা, নিয়োগ বিষয়া মৃদুল হাজৰিকা আৰু বিচিত্ৰ গোপাল নাথৰ। উপেন কলিতা নেতৃত্বাধীন SITএ চাৰ্জশ্বীট দাখিল কৰা ২৩জনৰ ভিতৰত ২০জনৰ নাম আছিল বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন আয়োগৰ প্ৰতিবেদনত। কিন্তু লক্ষণীয়ভাৱে উপেন কলিতা নেতৃত্বাধীন SITৰ চাৰ্জশ্বীটত বাদ পৰি ৰৈছিল বিপ্লৱ কুমাৰ শৰ্মা আয়োগে খেলিমেলিৰ তথ্য লাভ কৰা ১৪ গৰাকী ৰাজপত্ৰিত বিষয়াৰ নাম।

Post a Comment

Previous Post Next Post